কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উমাচৰণ বণিয়া পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত প্ৰয়াত উমাচৰণ বণিয়াৰ ৯১সংখ্যক জন্মদিৱস উপলক্ষে “সাংস্কৃতিক নৱজাগৰণ আৰু শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক“ এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ প্ৰয়াত উমাচৰণ বণিয়াৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন অনুষ্ঠানত কলেজ পৰিচালনা সমিতিৰ সভানেত্ৰী ড° হেমপ্ৰভা শইকীয়া, উমাচৰণ বণিয়াৰ পুত্ৰ কুমাৰ সঞ্জয় কৃষ্ণ আৰু বোৱাৰী, অধ্যক্ষা ড° শিখামণি কোঁৱৰ , মুখ্য বক্তা ময়ূৰ বৰা,উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকা, লাইব্ৰেৰীয়ান গীতিকা দাস আৰু লাইব্ৰেৰীৰ কৰ্মকৰ্তাসকল, অধ্যাপক অধ্যাপিকা , কৰ্মচাৰীসকল আৰু ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে ৷ বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষা ড° শিখামণি কোঁৱৰে উমাচৰণ বণিয়াৰ জীৱন সম্পৰ্কে এক বক্তৃতা দিয়ে৷ ড°হেমপ্ৰভা শইকীয়াই তেওঁৰ চমু ভাষণত প্ৰয়াত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৈতে উমাচৰণ বণিয়াৰ সু-সম্পৰ্কৰ বিষয়ে সোঁৱৰণ কৰে৷ ইয়াৰ পাছতে বিশিষ্ট সমালোচক, চিন্তাবিদ ময়ুৰ বৰাই “সাংস্কৃতিক নৱজাগৰণ আৰু শ্ৰীমন্ত শংকৰদেৱ ” বিষয়ত বক্তৃতা প্ৰদান কৰি শংকৰদেৱৰ বিশাল ব্যক্তিত্ব , সাংস্কৃতিক দান আৰু সাহিত্যিক অৱদানৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে ৷ আজিৰ পৰা প্ৰায় ৫০০ বছৰৰ পূৰ্বেই গুৰুজনাই তেওঁৰ লিখনিৰ দ্বাৰাই নাৰীৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শন কৰিছিল ৷ বহু বিপদ নেওচি শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ জৰিয়তে আৰু সাম্যবাদী ভাৱধাৰাৰে বৰ অসম গঢ়িবলৈ সক্ষম হৈছিল ৷ বৰাই আৰু কয় যে বৰ্তমান প্ৰজন্মই শংকৰদেৱৰ দৃষ্টিভংগী অনুসৰণ কৰি আগবাঢ়ি যাব পাৰিলে অসমত এখন সুস্থিৰ সমাজ প্ৰতিষ্ঠা হ’ব ৷ বক্তৃতানুষ্ঠানত ছাত্ৰ বিষ্ণুৰাত বৰা আৰু ছাত্ৰী ৰাজশ্ৰী কলিতাই এটি বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰে৷অনুষ্ঠানটোত শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰিত অতিথিসকল উপস্হিত থাকে ৷ অনুষ্ঠানটিৰ আঁত ধৰে দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে আৰু শলাগৰ শৰাই যাচে ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মৃন্ময়ী বৰুৱাই৷