কৰুণা
নিতিস্মান দাস
চীন দেশত উৎপত্তি হোৱা এই মহামাৰী,
কঁপাই ৰাখিলে সমগ্ৰ বিশ্ববাসী।
চাৰিওফালে সাৱটি ৰাখিছে মৃত্যুৰ ছায়া,
হে ভগৱান! কেনেকৈ ভেদ কৰোঁ এই মায়া।
লাহে-লাহে বিশ্ববাসী হেৰাই গৈ আছিল,
ইয়াৰ পৰা ওলেৱা কোনো উপায় নাছিল।
ভগৱানক নিষ্ঠৰ বুলি ভবা এই মানৱ,
এবাৰো নাভাবে যে নিজেই দানৱ।
এনে লাগে প্ৰকৃতিয়ে প্ৰতিশোধ লৈছে।
সেইবাবে মানুহে মৃত্যুক সাৱটিছে।
কণমানি শিশুসকলৰ বিদ্যালয় বন্ধ,
এনে লাগে পৃথিৱীৰ ভৱিষ্যত অন্ধ।
মানুহে নিজেই নিয়ম নামানিছিল,
সেই বাবে এই মহামাৰী বাঢ়ি গৈ আছিল।
পৰিৱেশ মানুহে কৰি আছে নষ্ট,
সেই বাবে মানুহে ভুগি আছে কষ্ট।
প্ৰকৃতিক মানুহে ৰক্ষা কৰা উচিত,
তেহে হব মানৱৰ ভৱিষ্যত নিশ্চিত।