কৰুণাময়ী
মাতৃ কৰুণাময়ী
তোমাক মই কিহেৰে পূজা দিম
তুমি জগতত বিলাই দিছা ,
কʼৰণা নামৰ বেমাৰবিধ ।
তোমাক আমি কিহেৰে মানিম
তোমাক দিবলৈ একো নাই ?
কিহেৰে স্তুতি , ধ্যান , প্ৰণাম কৰিম
এগছি বন্তিৰে আৰু ফুলেৰে
তোমাক সেৱা জনাইছো ,
তুমি তাক লৈ জগতৰ পৰা
বিদায় লোৱা ।
দয়াকৰা দয়াময়ী মই দুখিনী
কৃপা কৰা কৃপাময়ী মই অভাগী ।
— জ্যোতিময়ী দেৱী