কৰিমগঞ্জৰ গাংপাৰ ধলছৰা গাঁওত চাঞ্চল্যকৰ ঘটনা

PC The Indian Express

কৰিমগঞ্জৰ গাংপাৰ ধলছৰা গাঁওত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা –  কৰিমগঞ্জৰ গাংপাৰ ধলছৰা গাঁৱত চাঞ্চল্যকৰ ঘটনা৷দুই সন্তানক বিষ পান কৰাই আত্মঘাতী হৈছে এগৰাকী মাতৃ। মাতৃ আৰু পুত্ৰ কন্যা সহ মৃত্যু হৈছে তিনজনৰ। মৃত্যু হোৱা মহিলাৰ নাম হান্না বেগম। কন্যা মাহী বেগম আৰু পুত্ৰ তানবিৰ হুছেইন’ক প্ৰথমে বিষ পান কৰাইছিল হান্না বেগমে ।পিছে হান্না বেগমে চিপ লৈ নিজে আত্মঘাতী হৈছিল।পুৱাৰ ভাগত পোহৰলৈ আহে সমগ্ৰ ঘটনা। কি কাৰণে এগৰাকী মাতৃয়ে এই ঘটনা সংঘটিত কৰিলে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।কুবাদ উদ্দিন নামৰ ব্যক্তিৰ পত্নী আছিল হান্না বেগম ।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ এটা দল। আৰক্ষীৰ দলে উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।