ক্ষুধাতুৰ – এছ ইছলাম

PC Pinterest

ক্ষুধাতুৰ

               এছ ইছলাম,শিক্ষক

               পঃ মইনবৰী,বৰপেটা

দাউদাউকৈ জ্বলে বনজুই

সৰ্বজনে দেখে,

কিন্তু মনৰ ক্ষুধাৰ জুই

কোনেও নেদেখে।

কণমানি মইনাহঁত

ক্ষুধাৰ যন্ত্রণাত ছট্ ফটায়

নেদেখে কোনেও

ঘৰে ঘৰে কাম কৰোঁতে

বাধা-বিঘিনী হয়

লোকে বেয়া কয়।

কি দিম সিহঁতৰ মুখত

চিন্তাত তৎ নাই গাত

ৰিক্সা চলাওঁতে স্বামীধন

নিহত ট্ৰাকৰ চেপাত।

দেউৰাৰ গোপন অভিপ্ৰায়)

দাউ দাউকৈ জ্বলে হৃদয়

কিন্তু! একো নকওঁ

চাউল দাইল দিম বুলি

সঁচাই কয় নে তেওঁ?

আজি কেইদিন ধৰি

এন্দুৰে খুট্ খুটাই আছে

হৃদয়ৰ নীৰৱ কোঠাত

এইবাৰ দেউৰা আহিলে

কম নেকি দিয়া বুলি?