কোৰবানীৰ নামত বে-আইনীভাৱে হত্যা কৰিব নোৱাৰিব জীৱ

Pc Northeast Now

কোৰবানীৰ নামত বে-আইনীভাৱে হত্যা কৰিব নোৱাৰিব জীৱ

ৰঙিলী বাৰ্ত্তাসেৱা- ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ এটা দিন৷ঈদ-উজ-জোহাৰ কোৰবানীৰ ক্ষেত্ৰত অসম চৰকাৰৰ জৰুৰী নিৰ্দেশনা।এই সন্দৰ্ভত ৰাজ্যৰ গৃহ বিভাগে জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ বিশেষ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে।ইতিমধ্যে ভাৰত চৰকাৰৰ ভাৰতীয় পশু কল্যাণ পৰিষদ, মীন পালন, পশুপালন আৰু দুগ্ধজাত ৰক্ষা মন্ত্ৰণালয়ৰ সচিবে ৰাজ্য চৰকাৰ সমূহলৈ প্ৰেৰণ কৰিছে এই কঠোৰ নিৰ্দেশনা। নীতিবৰ্হিভূত ভাবে কুৰবানীৰ নামত কৰিব নোৱাৰিব গৰু হত্যা।নিৰ্দেশনা অনুসৰি ঈদৰ সময়ত গৰু, উট আৰু অন্যান্য জন্তুৰ অবৈধ হত্যা তথা কোৰবানী বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।ঈদৰ নামত পশু পৰিবহণ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।নিৰ্দেশনাটোত গৰু পোৱালী, উট আৰু অন্যান্য জন্তুৰ অবৈধ হত্যা তথা কোৰবানী বন্ধ কৰাৰ বাবে স্পষ্টভাৱে কোৱা হৈছে৷সেইদৰে বকৰি ঈদৰ নামত যাতে কোনেও আইন উলংঘা কৰি জীৱ-জন্তুৰ সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে।