অনলাইন বাৰ্ত্তাসেৱা – ‘ৱান ৰিলায়েম্স ফেমিলি’ (One Reliance Family) হিচাপে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড(Reliance Industries Limited)ৰ ভুক্তভোগী কৰ্মচাৰীৰ পৰিয়ালক কিছু পৰিমাণে হ’লেও সকাহ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ৰিলায়েন্সে মানি চলে “উই কেয়াৰ” (WE CARE) বাণী আৰু ইয়াকেই আগত ৰাখি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে কৰ্মচাৰীসকলৰ বাবে কোভিডকালীন পৰিস্থিতিত মুকলি কৰে এক বিশেষ আঁচনি (the Reliance Family Support and Welfare Scheme) । ৰিলায়েন্সৰ অফ-ৰোল কৰ্মচাৰীলৈ ১০ লাখ টকাৰ এককালীন সাহাৰ্য আঁচনি। কোভিড-১৯ৰ ফলত প্ৰাণ হেৰুৱালে ৰিলায়েন্স ফাউণ্ডেচনে পৰিয়ালক দিব এই অনুদান।
এই আঁচনিৰ অধীনত তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা হ’ব –
- প্ৰয়াত কৰ্মচাৰীগৰাকীয়ে অন্তিম মাহত লাভ কৰা দৰমহা পৰৱৰ্তী ৫ বছৰলৈ নমিনীক দি থাকিব ৰিলায়েন্সে।
- কৰ্মচাৰীগৰাকীৰ সন্তানৰ, ভাৰতৰ যিকোনো ঠাইত স্নাতক পৰ্যায়লৈ শিক্ষাৰ বাবে শিক্ষা মাছুল, হোষ্টেলৰ মাছুল আৰু কিতাপ-পত্ৰৰ ১০০ শতাংশ খৰছ বহন কৰিব ৰিলায়েন্সে।
- কৰ্মচাৰীগৰাকীৰ পতি বা পত্নী, পিতৃ-মাতৃ আৰু স্নাতক ডিগ্ৰীলৈ সন্তান অসূখত চিকিৎসাধীন হ’লে চিকিৎসাালয়ৰ সকলো ব্যয় ৰিলায়েন্সে বহন কৰিব।
- ইয়াৰ উপৰিও ৰিলায়েন্সে, ইয়াৰ যিকোনো কৰ্মচাৰী বা পৰিয়ালৰ লোক কোভিড-১৯ত আক্ৰান্ত হ’লে আৰোগ্য হোৱালৈ পূৰ্ণকালীন ছুটীৰ সুবিধা দিছে। শাৰীৰিক আৰু মানসিকভাৱে যাতে সকলো সবল থাকে তাৰ প্ৰতি দিছে সৰ্বাধিক গুৰুত্ব।