কোন হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী – সত্যজিৎ গগৈ

PC - Telegraph India
কোন হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
এতিয়া দেশত গৰম ৰাজনীতিৰ বতাহ বলিছে।এফালে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপুষ্ট আৰু চতুৰ ।আনহাতে যুৱ প্ৰজন্মৰ বাতকটীয়া হিচাপে থিয় দিছে ৰাহুল গান্ধী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ চতুৰতাৰে দেশ পৰিচালনা কৰি আছে।সেইটো এগৰাকী ৰাজনৈতিক নেতা হিচাপে মোদীৰ সফলতা।বিশ্বৰ সকলো দেশৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰাটো মোদীৰ ধৰ্ম।দেশৰ জনতাক কিদৰে নিয়ন্ত্ৰণত ৰাখিব লাগে।কেন্দ্ৰৰ চৰকাৰত কাক কি মন্ত্ৰীত্ব দিব লাগে।কোন সময়ত কি মন্তব্য কৰিব লাগে।এই সকলো কথা মোদীয়ে ভালকৈয়ে জানে।অৱশ্যে বয়সে মোদীৰ চিন্তা শক্তিক বিমোৰত পেলোৱাৰ স্থল আছে।আনহাতে দেশৰ ইমুৰৰ পৰা সিমুৰলৈ গৈ খলকনি সৃষ্টি কৰি যুৱ প্ৰজন্মৰ লগতে সৰ্ব সাধাৰণৰ মনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৰাহুল গান্ধী।বহুবাৰ লোকসভাত শক্তিশালী ৰূপত যুক্তি তৰ্ক কৰি চৰ্চাত থাকিব বিচৰা ৰাহুল গান্ধীক ৰাইজে বিচাৰিব নে পৰবৰ্তী প্ৰধানমন্ত্ৰী ৰূপত!ইতিমধ্যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক লোকসভাত ৰাজনৈতিক আক্ৰমণ কৰি নিজৰ সাংসদ পদো হেৰুৱাব লগা হৈছিল।অৱশ্যে দেশৰ আইন ব্যৱস্থাৰ ওপৰত এতিয়াও জনতাৰ আস্থা আছে বাবেই ৰাহুল গান্ধীয়ে পুনৰ সাংসদ পদ ঘূৰাই পালে।ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাটোও তেওঁৰ বাবে যোগাত্মক কথা।তদুপৰি ভাৰত জোৰো কাৰ্যসূচীৰে দেশৰ সকলো প্ৰান্তৰ সকলো লোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটোও ৰাহুল গান্ধীৰ বাবে যোগাত্মক বিষয়।প্ৰশ্ন হয় যে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ সকলে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ লাভালাভৰ কথা চিন্তা কৰি মোদীকেই প্ৰধানমন্ত্ৰী হিচাপে ৰাখিব নে ন ৰূপেৰে, ন পৰিকল্পনাৰে দেশখন পৰিচালনা কৰিবলৈ অন্য উন্নত দেশৰ দৰে এজন যুৱ প্ৰতিনিধিক প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সুবিধা দিব।আমিব্যক্তিগতভাৱে শিক্ষিত দেশৰ নাগৰিক হিচাপে এগৰাকী যুৱ প্ৰতিনিধিয়েহে দেশৰ শাসন ভাৰ লোৱাটো কামনা কৰোঁ।এতিয়া দেশৰ জনতাই অভিজ্ঞতাৰে পুষ্ট বয়সে গৰকা নৰেন্দ্ৰ মোদীকেই পুনৰ প্ৰধানমন্ত্ৰী ৰূপত বিচাৰিব নে এগৰাকী যুৱ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰিব।এইয়াহে লক্ষনীয় হ’ব।