কোন দেশৰ তই আজলী ৰমণী- মুন শৰ্মা

Pc TenStickers
কোন দেশৰ তই আজলী ৰমণী
সেউজ দলিছাত নূপুৰৰ কঁপনি,
পাহাৰৰ শিখৰত কাৰোবাৰ উৰুলি,
কোন তই ঐ অচিনা বিহংগ,
মিঠা মিঠা খুহুৰিৰে উতলালি মনৰে পদূলি।
ক’ৰে  ঐ তই পাহাৰৰ  সুগন্ধি,
কোন দেশৰ তই আজলী ৰমণী,
অজান মূলকৰ পাহাৰী ডালিমী।
এজাক পছোৱা হৈ যোৱাৰ আনিলি,
কলিজাৰে একোণত থাপনা পাতিলি,
প্ৰেমৰে শলিতা আকৌ জ্বলালি,
মৰমৰে অগণি জাগ্ৰত কৰিলি।
 কেনিবা হেৰালি প্ৰেমৰে মালিতা,
নাযাবি আঁতৰি তই প্ৰেমৰে কবিতা,
তোৰ প্ৰেমত বন্দী আবদ্ধ পিঞ্জৰাত,
নিবিচাৰোঁ যাব মই তোৰ কাষে আঁতৰি,
তই ও আহ আগুৱাই অপেক্ষাত আছোঁ মই,
নিসংগ কৰি তই নাযাবি দেই আঁতৰি।
         মুন শৰ্মা,লখিমপুৰ