কেৱল নিজকে বিশ্বাস কৰক – চন্দ্ৰ শেখৰ পৰাজুলী

কেৱল নিজকে বিশ্বাস কৰক
 চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
কোনো বস্তু বা মানুহৰ সামৰ্থ্য সম্পৰ্কে আস্থা থকাকে‌ বিশ্বাসৰ এক সংজ্ঞা বুলি ধৰি ল’ব পাৰি। আনহাতে সহজ ভাষাত কবলৈ হ’লে, নিজৰ মনৰ মাজত যিটো সত্য বুলি বিবেচনা কৰা হয় তাকে সাধাৰণতে বিশ্বাস বুলি ক’ব পাৰি। চাওঁক উপৰোক্ত কথাখিনিৰ বিশ্লেষণৰ পৰা গম পোৱা গ’ল যে, মানুহ এজনৰ মনত উদ্ভৱ হোৱা মনোভাৱৰ জৰিয়তে বিশ্বাসৰ প্ৰক্ৰিয়া সঞ্চালন হয়। এতিয়া কথা হ’ল আমাৰ মনৰ মাজত হাজাৰ হাজাৰ চিন্তাধাৰায়ে ঘৰ কৰি থাকে। তেন্তে এতিয়া এই সকলোবোৰ বিষয় বস্তুৰ মাজত কোনোটো আমি গ্ৰহণযোগ্য বুলি বিশ্বাস কৰিম আৰু আনহাতে কোনবোৰ ক্ষেত্ৰত আমি অবিশ্বাস্য বুলি ধৰি লম নহয়নে? এইটো বৰ্তমান সময়ৰ একেবাৰে কোটি টকীয়া প্ৰশ্ন? এনেধৰণৰ বিষয় বস্তুৰ জৰিয়তে গোটেই মানৱ জীৱন জটিলতাৰ মাজত আমাৰ চুলিত পাক লগাৰ দৰে লাগি থাকে। আৰু আমি বিশ্বাস নামৰ ফণী বিচাৰি সময়ে সময়ে হাবাথুৰি খাই থাকো। মোৰ মতে নিজৰ বিষয়ে নিজতকৈ বেছি অন্য কোনো মানুহে ধৰিব নোৱাৰে। সেয়েহে প্ৰথমতে নিজকে সদায় প্ৰশ্ন কৰক মই নিজেই নিজকে বিশ্বাসৰ যোগ্য বুলি ভাবোঁ নে নেভাবোঁ ? এতিয়া প্ৰতিজন মানুহৰে মনোভাৱ ছেকেণ্ড ছেকেণ্ডৰ অন্তৰালৰ সালসলনি হোৱা পৰিলক্ষিত হয়। অৰ্থাৎ মানুহৰ মনোভাৱ সমূহ বৰ্তমান কৃত্ৰিম ৰূপ ধাৰণ কৰিছে। গতিকে এতিয়া কেৱল নিজকে বিশ্বাস কৰক। কাৰণ এসময়ত গৈ আমাৰ নিজৰ শৰীৰৰ ছাঁ বা প্ৰতিচ্ছবিয়ে যদি আমাৰ পৰা আতৰি অদৃশ্য হৈ পৰে। তেন্তে এইখন ছলনাময় সংসাৰত কাকনো আপুনি পূৰ্ণাংগ ৰূপত বিশ্বাস কৰিব। মুখত এতিয়া প্ৰায়বোৰ মানুহে ৰাম নাম লৈ থাকিলেওঁ পাছফালে সদায় দা এখন লৈ থোৱা থাকে। ইয়াৰ একমাত্ৰ উদ্দেশ্য হ’ল বিশ্বাসৰ মায়াজালত মেৰিয়াই ধৰি অন্তিমত গৈ কেনেকৈ দা এখনৰে প্ৰহাৰ কৰিব পাৰি সেইবোৰ সুযোগ বুজি থাকে। আপুনি যেতিয়াই অন্য কোনো মানুহক নিজতকৈ অধিক ৰূপত বিশ্বাসৰ পাত্ৰ বুলি ধৰি লয় সেই তেতিয়াই আপোনাক অসহায় অবস্থা নিৰ্মাণ কৰি আপোনাৰ লগত বিশ্বাসঘাটকতা কৰে। গতিকে নিজৰ মনত উদ্ভাৱন হোৱা বাস্তৱিক সত্য কথাবোৰক লক্ষ্য কৰি কেবল নিজকে বিশ্বাস কৰি চলক।