কেমেষ্ট্ৰিৰ লেবত তুমি-মূৰ্চ্ছনা কলিতা (ৰঙিয়া কলেজ, 4th semester zoology department)

কেমেষ্ট্ৰিৰ লেবত তুমি
—————————–

বিকাৰ দুটা ইটোৱে সিটোৰ গাত লাগি

শব্দ কৰি উঠিল,

মূহুৰ্ততে পৰিৱেশটো সলনি হ’ল।

বগা সাঁজযোৰত সাইলাখ পৰি যেন লাগিল তোমাক।

উফ্!! তোমাৰ মেলটিং অথবা বইলিং পইন্ট

জুখিব পৰা হ’লে!

টাইট্রেশ্বনৰ পাতল গুলপীয়া ৰঙৰ দৰে

তোমাৰ দুখনি গাল

এবাৰ চুব পৰা হ’লে।

ক্লৰ’ফৰ্মৰ উৰ্দ্ধত তুমি

অচেতন নোহোৱাকৈ কেনেবাকৈ ৰাখিছোঁ নিজক ধৰি।

সমস্ত ৰসায়ন বিজ্ঞান

মোৰ হৃদয়ত আজি।

লাভ (love) হ’ৰম’ন অক্সিটচিনে

সুধিলে… পৰিবা নেকি প্ৰেমত

মই বৈ থাকিম অহৰহ তোমাৰ দেহত।।

– মূৰ্চ্ছনা কলিতা