কেতিয়াবা ভাবিছেনে যদি জোনটো নাথাকে তেতিয়া কি হ’ব

Pc The Janambhumi

কেতিয়াবা ভাবিছেনে যদি জোনটো নাথাকে তেতিয়া কি হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  আমাৰ মনত খুন্দিয়াই থকা কিছুমান প্ৰশ্নৰ উত্তৰ বিজ্ঞানে দিছে।আপুনি বাৰু কেতিয়াবা ভাবিছেনে যদি জোনটো নাথাকে তেতিয়া কি হ’ব৷ পৃথিৱীৰ বাহিৰৰ জীৱৰ এখন মহাকাশযান আহি আমাৰ জোনটোক টানি লৈ গ’লে কি হ’ব৷কোনোবাই তেনেকৈ আমাৰ চন্দ্ৰটো আমাৰপৰা আঁতৰাই লৈ গ’লে পৃথিৱীত নানা বিপর্যয় ঘটিব।এলানি এনে ঘটনা ঘটিবলৈ ল’ব যাৰ ফলত হয়তো পৃথিৱীৰ জীৱসমূহৰে বিলুপ্তি ঘটিব।প্রথম ঘটনাটো হ’ল জোৱাৰ ভাটা নোহোৱা হোৱাটো।জোৱাৰ নোহোৱা হ’লে পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰত, বিশেষকৈ সাগৰৰ পৰিস্থিতি তন্ত্ৰত বিষম প্ৰভাৱ পৰিব।সাগৰৰ পাৰত থাকি সাগৰৰ পাৰ আৰু ওচৰ পাজৰৰ পৰিৱেশ ৰক্ষা কৰা উদ্ভিদ মেন’ভবোৰে জোৱাৰে সাগৰৰপৰা বৈ অন্য পুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। জোৱাৰ নোহোৱা হ’লে লাহে লাহে মেন’ভ কমি আহিব।তেতিয়া সাগৰৰ পাৰত খহনীয়া আৰম্ভ হ’ব।জোৱাৰৰ অভাৱে সাগৰীয় সোঁতৰ ধৰণো সলনি কৰি পেলাব।তেতিয়া পৃথিৱীত জলবায়ুৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আৰম্ভ হ’ব।চন্দ্ৰটো নোহোৱা হ’লে মাধ্যাকৰ্ষণৰ সাল-সলনিৰ বাবে পৃথিৱীৰ আৱৰ্তন অক্ষৰ দোলন আৰম্ভ হ’ব।ই কেতিয়াবা ক্রান্তিবৃত্তৰ লম্ব আৰু কেতিয়াবা সমান্তৰাল হৈ পৰিব।এই সাল-সলনিয়ে জলবায়ুৰ বিস্তৰ পৰিৱৰ্তন আনিব।যেতিয়া অক্ষডাল লম্বভাৱে পৰিব, তেতিয়া পৃথিৱীৰ প্ৰতিখন ঠায়ে গোটেই বছৰজুৰি নিৰ্দিষ্ট তাপ পাই থাকিব। কিন্তু অক্ষডাল ক্রান্তিবৃত্তৰ সমান্তৰাল হৈ পৰিলে পৃথিৱীৰ জীৱবোৰে বছৰৰ ছমাহ আধা ঘূৰি গৈ পৃথিৱীৰ ছাঁৰ তলত অতিশয় শীতত কটাব লাগিব।সাগৰৰ বহু জীৱৰো জীৱনৰ দশা সলনি হৈ যাব। চন্দ্ৰৰ মাহেকীয়া চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা নটিলাছ নামৰ শামুকজাতীয় প্ৰাণীবোৰে একোটা কক্ষত চান্দ্ৰ দিনৰ হিচাবত লেও দি দি কক্ষটো এমাহত পূৰ কৰি পিছৰ কক্ষলৈ যায়। চন্দ্র নাথাকিলে ই একোটা কক্ষতে অনির্দিষ্ট কাললৈ ৰৈ ৰৈ মৃত্যুবৰণ কৰিব লাগিব।পৃথিৱী আৰু চন্দ্ৰ দুয়োৰে মাজত পৰস্পৰক আকৰ্ষণ কৰা মহাকৰ্ষণীয় টান আছে।চন্দ্ৰই পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰে। পৃথিৱী-চন্দ্ৰৰ যুগ্ম তত্ত্বই আকৌ সূৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। হঠাতে চন্দ্ৰটো নোহোৱা হ’লে পৃথিৱীৰ ওপৰত চন্দ্ৰৰ টানো নোহোৱা হ’ব।তেতিয়া পৃথিৱীৰ বৰ্তমানৰ ভাৰসাম্য নোহোৱা হ’ব।পৃথিৱীখন তেতিয়া চন্দ্ৰৰ নতুন অৱস্থানৰ ফালে টান খাই যাব পাৰে।তেতিয়া পৃথিৱীৰ নতুন কক্ষপথ ৰচিত হ’ব।হয়তো পৃথিৱীৰ কক্ষপথটো বর্তমানতকৈ বহু দীঘলীয়া হৈ পৰিব।তেতিয়া জলবায়ু অধিক তীব্ৰ হৈ, অধিক ঠাণ্ডা, অধিক গৰম হ’ব।ফলত পৃথিৱীত জীৱ তিষ্ঠি থকা অসম্ভৱ হৈ পৰিব।ৰাতিৰ পোহৰৰ প্ৰধান উৎসটো নোহোৱা হ’ব।তেতিয়া নিশাচৰ প্ৰাণীবোৰৰ জীৱনত গভীৰ প্ৰভাৱ পৰিব। পোহৰৰ সুবিধা লোৱা আৰু ৰাতিৰ চক্ৰটোৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীবোৰৰ জীৱনলৈ বিপৰ্যায় আহিব।ফেচাই চিকাৰ কৰাত অসুবিধা পাব।জোনৰ পোহৰত ওলাই অহা কীট-পতংগবোৰ বিচাৰি নোপোৱা হ’লে সিহঁতৰ সংগীবোৰ নিৰাশ হ’ব আৰু বহুতৰে বংশ বৃদ্ধি নহ’ব।