কেইবাজনো ফটোগ্ৰাফাৰক লগত লৈ কেদাৰনাথৰ মন্দিৰত প্ৰধানমন্ত্ৰী মোডীৰ পূজা-অৰ্চনা

Pc Twitter

কেইবাজনো ফটোগ্ৰাফাৰক লগত লৈ কেদাৰনাথৰ মন্দিৰত প্ৰধানমন্ত্ৰী মোডীৰ পূজা-অৰ্চনা

ৰঙিলী বাৰ্ত্তাসেৱা-   উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী মোডীয়ে মুঠ ৬ বাৰ কেদাৰনাথ ভ্ৰমণ কৰিছে।পুৱাই কেদাৰনাথ মন্দিৰ দৰ্শন কৰে মোডীয়ে।প্ৰধানমন্ত্ৰী মোডীক কেদাৰনাথ ভ্ৰমণৰ সময়ত দেখা গ’ল বিশেষ পোছাকত। মূৰত পাহাৰী টুপি আৰু দেহত পাহাৰী পোছাক। কেদাৰনাথ ধামত পূজা–অৰ্চনা কৰাৰ সময়ত মোডীয়ে যি পোছাক পিন্ধিছিল, সেই পোছাকৰ হিমাচল প্ৰদেশৰ চম্বাৰ সৈতে সম্পৰ্ক আছে।প্ৰধানমন্ত্ৰী মোডীয়ে কেদাৰনাথ দৰ্শনৰ সময়ত হিমাচল প্ৰদেশৰ চম্বাৰ মহিলাসকলে হাতেৰে বনোৱা পোছাক পৰিধান কৰিছে। মোডীয়ে পিন্ধা এই পোছাকযোৰক চোল ডোৰা নামেৰে জনা যায়। এই পোছাকযোৰ প্ৰধানমন্ত্ৰী মোডীক হিমাচল প্ৰদেশ ভ্ৰমণৰ সময়ত উপহাৰ হিচাপে দিয়া হৈছিল।কিন্তু মোডীৰ এই কেদাৰনাথ ভ্ৰমণক কেন্দ্ৰ কৰি শেহতীয়াকৈ চচিয়েল মিডিয়াত বহুলভাৱে সমালোচনা আৰম্ভ হৈছে। কাৰণ প্ৰধানমন্ত্ৰী মোডীয়ে পূজা কৰিবলৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত লগত কেইবাজনো ফটোগ্ৰাফাৰ লৈ মন্দিৰত প্ৰৱেশ কৰে।এই দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰাত এতিয়া পুনৰ সমালোচনাৰ সন্মুখীন হৈছে মোডী।মোডীৰ এনে কাৰ্যত এতিয়া তেওঁক সামাজিক মাধ্যমত একাংশই সমালোচনাৰ লক্ষ্য কৰি লোৱাৰ লগতে মোডীক ‘ফটোজীৱি’ হিচাপে আখ্যা দিছে।