কৃষ্ণচূড়াৰ দেশলৈ যাবা নেকি? – সমুজ্জ্বল ডেকা

PC - Wikipedia
 কৃষ্ণচূড়াৰ দেশলৈ যাবা নেকি?
সমুজ্জ্বল ডেকা, ৰঙিয়া
শুনিছা, ব’হাগ গ’ল নহয়…
বুজিছা, জেঠৰ মাহ পৰিল।
বৃক্ষত কৃষ্ণচূড়া ফুলিল নহয়…
বুজিছা, যাওঁ ব’লা কৃষ্ণচূড়াৰ দেশলৈ।
কিমান যে ভাল লাগিব!
ফুলিব হৃদয়ত হেজাৰ ৰঙীণ সপোন।
বৰ্ষাৰ পৰশত ৰঙিয়াল
পুষ্পৰ আগমন,
প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ
মোৰ অসীম মন॥