কৃষ্ণগহ্বৰৰ মাধ্যাকৰ্ষণত সৃষ্টি হোৱা ‘চুনামি’ৰ ছবি মুকলি কৰিছে নাছাই

pc Republic World

অনলাইন বাৰ্ত্তাসেৱা – নাছাই দেওবাৰে শিল্পী ‘নিমা আবকেনাৰ’ৰ ইনষ্টাগ্ৰামত এটা অতি বৃহৎ কৃষ্ণগহ্বৰৰ মাধ্যাকৰ্ষণীয় টানৰ পৰা পলাই যোৱা গেছৰ দ্বাৰা সৃষ্টি হোৱা “চুনামিসদৃশ গাঁথনি”ৰ দৃষ্টান্ত মুকলি কৰিছিল। দৃষ্টান্তটোত দেখুওৱা হৈছে যে কৃষ্ণগহ্বৰৰ চাৰিওফালে থকা ডিস্কৰ পৰা উচ্চ-প্ৰাবল্যৰ এক্স-ৰে এই গেছৰ সৈতে আদান-প্ৰদান কৰে আৰু চুনামি সদৃশ ডিস্কৰ ওপৰত পাতল নীলা ‘তৰংগ’ আৰু এটা ‘কাৰ্মান ভৰ্টেক্স ষ্ট্ৰীট’ (কমলা)ৰ সৃষ্টি হয়।