কৃষি – কৰ্মৰে  আদৰ্শ দেখুৱাইছে শিমলুগুৰিৰ পিতা-পুত্ৰই

কৃষি – কৰ্মৰে  আদৰ্শ দেখুৱাইছে শিমলুগুৰিৰ পিতা-পুত্ৰই
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষকতাৰ দৰে মহান কৰ্ম ব্যয়স্থতাৰ মাজতো শিমলুগুৰিৰ এগৰাকী শিক্ষক আৰু পুত্ৰই ৰবি  শস্য উৎপাদন কৰি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে সমাজত আদৰ্শ দেখুৱাইছে । ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন গগৈয়ে পিতৃৰ দিনৰে পৰা একেৰাহে বৰদুৱাৰমুখ চূনপোৰা ঘাটত ৮ বিঘা মাটিত প্ৰায় ২৫ বছৰ ধৰি ৰবি শস্য উৎপাদন কৰি আহিছে । শিক্ষকগৰাকীৰ উচ্চ শিক্ষিত পুত্ৰ কাশ্যপ গগৈয়েও সহযোগিতা কৰাৰ লগতে ৩ – ৪ জনকৈ নিৱনুৱা যুৱকক সংস্থাপন দিবলৈও সক্ষম হৈছে ।বৰ্তমান কবি ,জলকীয়া, বেঙেনা, ৰঙালাও ,জাতিলাও তথা বিভিন্ন শাক -পাছলি উৎপাদন কৰি দৈনিক শিমলুগুৰি বজাৰত বিক্ৰী কৰি আহিছে ।বাৰিষা তথা খৰালি সময়ত এনেদৰে কৃষি কৰ্মৰ জৰিয়তে  আদৰ্শ দেখুওৱাৰ লগতে বাৰ্ষিক লক্ষ্যাধিক টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে ।প্ৰথমে পানী যোগানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল যদিও দুই বছৰ পূৰ্বে চৰকাৰৰ পৰা পোৱা চ’লাৰ যোগে পানীযোগানৰ ব্যৱস্থা কৰাত কৃষি কৰ্মত যথেষ্ট সহায় হোৱা বুলি মন্তব্য কৰে গগৈয়ে ।