কুৰবাণীৰ ওপৰত নিষেধাজ্ঞা

Pc The Janambhumi

কুৰবাণীৰ ওপৰত নিষেধাজ্ঞা

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা – হয় কাইলৈ ইছলাম ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰ ঈদ উল আজহা। সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষতো দেওবাৰে পালিত হ’ব ত্যাগৰ উৎসৱ পৱিত্ৰ কুৰবাণী ঈদ। এইলৈ এতিয়া চৌদিশে কেৱল আনন্দ আৰু আনন্দ। পৱিত্ৰ ঈদৰ উছাহৰ মাজতে কুৰবাণীক লৈ মুছলমান সমাজত দেখা দিছে সন্দেহ আৰু উৎকণ্ঠা। এইবেলি কুৰবাণী ঈদত পশু কুৰবাণী কৰিব পাৰিব নে নাই, তাকলৈ দোমোজাত পৰিছে মুছলমান সকল। যেন একপ্ৰকাৰ ঈদৰ আনন্দ ম্লান হৈ পৰিছে মুছলমান সমাজত। কুৰবাণী সংক্ৰান্তত একাংশ নিউজ পৰ্টেল তিলক তাল মিলাই অতিৰঞ্জিতভাৱে বাতৰি পৰিবেশন কৰাত ৰাজ্যৰ মুছলমান সমাজ আতংকিত হৈ পৰিছে। এফালে ধৰ্ম আনফালে চৰকাৰ-প্ৰশাসনৰ নীতি-নিৰ্দেশনা। কি কৰিব, কি নকৰিব, ভাবি মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে মুছলমান সকল। তাৰ মাজতে জ্বলা জুইত ঘিউ ঢলাৰ মানসিকতা পুহি ৰখা একাংশ নিউজ পৰ্টেল সম্প্ৰতি মুছলমানৰ চিন্তাৰ খোৰাক যোগোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে। চিয়ৰি চিয়ৰি বাতৰি পৰিবেশন কৰি কৈছে যে, কুৰবাণীৰ ওপৰত হেনো ৰাজ্য চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে। অসম চৰকাৰৰ এক জাননীৰ গইনা এইদৰে উদ্দেশ্যপ্রণোদিত বাতৰি সম্প্ৰচাৰ কৰি গৈছে। পিছে কুৰবাণীক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰে জাৰি কৰা নটিফিকেচনত কি আছে?

হয়, অসম চৰকাৰৰ পশু বিভাগ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে গৃহ বিভাগে জাৰি কৰা জাননীত কোৱা হৈছে যে, যতে ততে কুৰবাণী কৰিব নোৱাৰিব। “গাভিনী, তিনিমহীয়া পোৱালি তথা অসুস্থ” জন্তুক কুৰবাণীৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰ লগতে আৰু কেতবোৰ নিয়ম-নীতি বান্ধি দিয়া হৈছে SOP যোগে। জাননীত ইয়াকো কোৱা হৈছে যে, চৰকাৰী নীতি-নিৰ্দেশনা মানি, অনুমতি সাপেক্ষে কুৰবাণী দিব পাৰিব। অথচ এই নিয়ম ইছলামত আগৰ পৰাই চলি আছে। মুঠতে কুৰবাণীৰ ওপৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা নাই ৰাজ্য চৰকাৰে। কিন্তু একাংশই সহজ সৰল গঞা ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ চৰকাৰে গৰু বা কোৰবাণী নিষিদ্ধ কৰিছে বুলি কৈ প্ৰচাৰ কৰাত উঠি পৰি লাগিছে।

ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক সাম্প্ৰদায়িকতাবাদৰ তকমা দি বদনামী কৰিবলৈ একাংশ ন্যস্তস্বাৰ্থজৰিত মহলে এইদৰে উদ্দেশ্যপ্রণোদিত উৰাবাতৰি বিয়পাই দিছে। এয়া ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ বাবে শুভ লক্ষণ নহয়, এই ধৰণৰ বাতৰিয়ে সমাজত বিৰূপ প্ৰভাৱ পেলায়। শেষত সদৌটিলৈকে পৱিত্ৰ কুৰবাণী ঈদৰ হিয়াভৰা মৰম আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ত্যাগেৰে মহিমামণ্ডিত ইছলাম ধৰ্মাৱলম্বী সকলৰ মাহাত্ম্য বিলোৱাৰ এই ঈদ উজ জোহাই সকলোৰে জীৱনলৈ নমাই আনক অনাবিল সুখ, শান্তি আৰু উন্নতিৰ বতৰা। সমাজৰ পৰা সকলো ধৰণৰ অসূয়া, অমঙ্গল তথা অপ্ৰীতি দূৰ কৰি বিভিন্ন জাতি-ধৰ্মাৱলম্বীৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰক।