কি নাম দিম – নাজবিন চুলতানা

PC-Freepik
কি নাম দিম
নাজবিন চুলতানা, পাটসাঁকো
কি নাম দিম তোমাৰ অন্তৰত
হেৰাই যোৱা মোৰ প্ৰাপ্য মৰমৰ ঠিকনা
দিনক দিনে…।
কি নাম দিম তোমাৰ একান্ত মনৰ
দলিয়াই ৰখা মোৰ মেছেজৰ টোপোলাবোৰ….।
কি নাম দিম
মোক এৰাই চলি বিলিন কৰা মোৰ
অধিকাৰযেন লগা সময়বোৰ…।
কি নাম দিম
মোৰ দূৰ্বাৰ অফুৰন্ত হাবিয়াসবোৰক
জ্বলন্ত উত্তাপেৰে দহি ৰখাৰ অভিশাপবোৰ…।
কাৰছাজি কোনো নতুন দুখ নহয়,
প্ৰকৃতিয়ে মানি ল’বলেও শক্তি দিয়ে,
দিয়া যত খেলৰ কড়ি বুজায় প্ৰতাৰণাৰ,
কতৰাতিৰ উজাগৰ সংগ এন্ধাৰবোৰ।
কি আছিল গোলাপৰ প্ৰেমত
কৃষ্ণচূড়াওতো কম নহয়,
তেন্তে,
হাতত তুলি ধৰি বহুদূৰ দলিয়াই দিয়া
 কৃষ্ণচূড়া খেলা আছিল
তোমাৰ বাবে ।।