কিছু ইউটিউব চেনেল আৰু আপোনাৰ শিশুটি – বিউটী হাজৰিকা

PC - Innovation Village

কিছু ইউটিউব চেনেল আৰু আপোনাৰ শিশুটি 

বিউটী হাজৰিকা, কলিয়াবৰ
 ল’ৰাটো ডাঙৰ হোৱাৰ লগে লগে বেয়া হ’ল। ধোঁৱা উৰুৱাই বাইক গাড়ী চলাই। গুৰু – গোসাঁই নমনা হ’ল মাক দেউতাকক অশ্লীল ভাষা কোৱা হ’ল। মানুহৰ সৈতে কথা পাতিবলৈ মন নকৰে কোনো ব্যক্তি বিপদত পৰিলে উদ্ধাৰ কৰাৰ সলনি ভিডিঅ’ কৰি আপলোড কৰা হ’ল। লাইক কমেন্ট আৰু subscribe হিচাপ কৰা হ’ল।এই কথা বোৰ সাধাৰণতে বৰ্তমান প্ৰায় অভিভাৱকৰ মুখত শুনা যায়। ইয়াৰ মূল কাৰণ কিছু ইউটিউব চেনেল।সৰু ল’ৰা ছোৱালী ম’বাইল ফোনৰ প্ৰতি সহজে আকৃষ্ট। আধুনিকতাৰ কবলত পৰি সময় সলনি হৈছে সময়ৰ লগে লগে সলনি হৈছে মানুহৰ মানসিকতা আৰু অত্যাধিক ব্যস্ততা। অধিক ব্যস্ততাৰ বাবে কিছু অভিভাৱকে সন্তানক ম’বাইল ফোনৰ ব্যৱস্হা কৰি দিছে যাতে অভিভাৱকে তেওঁ লোকৰ কাম কৰাত অসুবিধা নহয়। আকৌ আজিকালি শিশু ইউটিউবৰ vlog চোৱাত ব্যস্ত । কিছু vlog শিশুৰ ভৱিষ্যতৰ বাবে আশীৰ্বাদ স্বৰূপ যেনে – শিক্ষক দিৱস কেনেকৈ উদযাপিত কৰা হ’ল, শিক্ষামূলক ভ্ৰমণ গৈ কি কি আয়ত্ত কৰা হ’ল, স্বৰচিত কবিতা আবৃত্তি, হাতেৰে বনোৱা সামগ্ৰী সমূহ, শিশুৰ প্ৰতিভা বিকাশৰ কৌশল সমূহ ইত্যাদি। আজিকালি আকৌ শিশু সকলে কোন ক’লৈ গৈছে, ফুড্ চেলেঞ্জ কৰিছে, কোনে কি ম’বাইল কিনিছে, কোনে কেনেকৈ বাইক চলাইছে, কোনো কোন মণ্ডপত বহি পূজা চাইছে, কোনে কি গাড়ী কিনিছে ইত্যাদি ইত্যাদি। Vlog সমূহ চাই নিজৰ মানসিকতাক অধিক ব্যস্ত কৰি তুলিছে। সৰুতেই আনক দেখি নিজাকৈ ম’বাইল ফোন বিচাৰি পিতৃ – মাতৃক ভয়ংকৰ বিপদলৈ ঠেলি দিছে। যিকোনো পৰিস্থিতিত ভিডিঅ’ বনাই লাইকৰ আশাত সমাজক সভ্যতাক বিপথে পৰিচালিত কৰিছে। অধিক ম’বাইল ফোনৰ ব্যৱহাৰৰ ফলত কিছু ইউটিউবাৰৰ ফলত সমাজৰ শুভ চিন্তক হেৰাই গৈছে। সময় থাকোঁতেই বেয়া বোৰ পৰিত্যাগ কৰাই উত্তম।