কাৰ্যকৰ্তা সকলৰ জীৱন্ত শক্তিয়ে বিজেপিক আৰু প্ৰাণৱন্ত কৰি ৰাখিছে: ড০ হিমন্ত বিশ্ব শর্মা

কাৰ্যকৰ্তা সকলৰ জীৱন্ত শক্তিয়ে বিজেপিক আৰু প্ৰাণৱন্ত কৰি ৰাখিছে: ড০ হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টিয়ে সমগ্র দেশজুৰি ‘সদস্যতা ভর্তি’ অভিযান আৰম্ভ কৰিছে। যোৱা ২ ছেপ্তেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রথমজন কার্যকর্তা হিচাপে সদস্য পদ গ্রহণ কৰাৰ পিছত বিজেপি শাসিত প্রতিখন ৰাজ্যতে মুখ্যমন্ত্ৰীসকলে দলৰ সদস্য পদ গ্ৰহণ কৰে। সেই অনুসৰি সাধাৰণ সম্পাদক তথা ‘সদস্যতা ভর্তি অভিযান ২০২৪’ৰ আহ্বায়ক পল্লৱ লোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই, দলৰ সভাপতি ভবেশ কলিতাৰ পৰা সদস্য পদ গ্রহণ কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, দলৰ জ্যেষ্ঠ নেতা নাৰায়ণ বৰকটকী, বিজয়া চক্ৰৱৰ্তী, মনোজ ৰাম ফুকন, শৈল কুমাৰী সিনহা, মহাবীৰ স্বামী, কুইন ওজাৰ লগতে প্রায় পাঁচ শতাধিক কার্যকর্তা অনুষ্ঠানত উপস্থিত থাকি এই বিশেষ মূহুতৰ সাক্ষী হৈ ৰয়। দলৰ সদস্য পদ গ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়, সদস্যতা অভিযান এক পৱিত্ৰতা মহাযজ্ঞ। আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল। কাৰ্যকৰ্তা সকলৰ জীৱন্ত শক্তিয়ে বিজেপিক প্রাণৱন্ত কৰি ৰাখিছে। বিজেপিয়ে পৰিয়ালান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি ভাৰতীয় গণতন্ত্রত এক নতুন প্রমূল্য স্থাপন কৰিছে। কংগ্রেছ বুলি ক’লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ মনলৈ আহে, তেনেকৈ ভাৰতীয় জনতা পার্টি বুলি ক’লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে, তাৰ পৰিৱৰ্তে  বুথ পৰ্যায়ৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰী পদবীলৈকে যাব পৰা তথা নিজকে ৰাষ্ট্ৰৰ হকে উৰ্চগা কৰা ব্যক্তিৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে। বিজেপিৰ প্ৰত্যেকজন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমর্পণ মনোভাৱেৰে দেশমাতৃৰ হকে কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই। বিজেপিৰ প্ৰতিগৰাকী সদস্যই ভাৰত মাতৃৰ প্ৰতি একোজন সমর্পিত কার্যকর্তা। এই বিশেষত্বই দলটোক আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ পৰিণত কৰিছে। আনহাতে ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে দলৰ সংবিধান অনুসৰি প্ৰতি ৬ বছৰ মূৰে মূৰে সদস্যতা ভর্তি অভিযান অনুষ্ঠিত হৈ আহিছে। সেই অনুসৰি এইবাৰো সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্যিক পর্যায়ত এই অভিযান আৰম্ভ হৈছে। অহা ২৫ ছেপ্তেম্বৰৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বার্ষিকীলৈকে সমগ্র দেশজুৰি ১০ কোটি সদস্য অন্তর্ভুক্তিৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। উল্লেখ্য যে আজিৰে পৰা সমগ্ৰ অসমৰ প্রতিটো মণ্ডলতে সদস্যতা ভর্তি অভিযান কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰা প্রতিনিধ সকল উক্ত কার্যক্রমত উপস্থিত থাকে।