কাৰ্গিল বিজয় দিৱস : এটি আলোকপাত – নাছিৰ আহমেদ

কাৰ্গিল বিজয় দিৱস : এটি আলোকপাত

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

প্ৰতি বছৰে ২৬ জুলাইত ভাৰতৰ ৰাজধানী দিল্লী আৰু ভাৰতৰ বিভিন্ন ঠাইত মহা সমাৰোহেৰে কাৰ্গিল যুদ্ধত সংগ্ৰাম কৰা বীৰ সৈনিক তথা প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰি ” কাৰ্গিল বিজয় দিৱস” উদযাপন কৰা হয়। কাৰণ,উক্ত দিনা ১৯৯৯ চনত কাৰ্গিল যুদ্ধত আমাৰ দেশৰ সেনাবাহিনীয়ে পাকিস্তানৰ সেনাবাহিনীৰ বিৰুদ্ধে ৬০ দিন অসীম সাহসেৰে যুঁজ দি বিজয় সাব্যস্ত কৰিছিল।

জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ লাডাখ অঞ্চলৰ কাৰ্গিল জিলাৰ সাগৰপৃষ্ঠৰ ২৬৭৬ মিটাৰৰ পৰা ৭৬৭২ মিটাৰ উচ্চতাত ( ৮৭৮০ ফুটৰ পৰা ২৫,১৭৭ ফুটলৈকে) কাৰ্গিল অৱস্থিত। কাৰ্গিল হিমালয়ৰ পাদদেশত সুৰু নদীৰ পাৰত দক্ষিণে জনস্কাৰ পৰিসীমা (Zanskar range) আৰু উত্তৰে লাডাখ (Ladakh range) পৰিসীমাত অৱস্থিত। ইয়াৰ পৰা শ্ৰীনগৰ নগৰ,( ২০৪ কিলোমিটাৰ) লেহ নগৰ, ( ২১৭ কিলোমিটাৰ) জম্মু নগৰ (৪১৭কিলোমিটাৰ) পাৰ্শ্বৱৰ্তী দেশ পাকিস্তান ( নিয়ন্ত্ৰণ ৰেখা , Across the Line of Control) আৰু চীন দেশ ( নিৰ্দিষ্ট নিয়ন্ত্ৰণ ৰেখা। across the Line of Actual Control)  ভাৰত আৰু পাকিস্তানৰ নিয়ন্ত্ৰণ ৰেখাই Line of Control)এপিনে ভাৰতৰ শাসনাধীন কাশ্মীৰ আৰু আনপিনে পাকিস্তান প্ৰশাসনৰ দ্বাৰা নিয়ন্ত্ৰিত কাশ্মীৰক (P O K) দুই ভাগত বিভক্ত কৰিছে।

১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘৰ্ষৰ আঁৰত ১৯৪৭ চনত ব্ৰিটিছ শাসকৰ হাতৰ আমাৰ দেশে ভাৰত আৰু পাকিস্তান নামেৰে দ্বিখণ্ডিত হৈ স্বাধীনতা লাভ কৰাৰে পৰা “কাশ্মীৰ সমস্যা” (Kashmir dispute) জৰ্জৰিত এটি জটিল আৰু ভিন্নমুখী সমস্যাৰ ভয়ংকৰ ফল।

১৯৯৮-১৯৯৯ চনত পাকিস্তানী সৈন্যবাহিনীয়ে ৰাজনৈতিক ভাবে চুক্তি স্বাক্ষৰিত হোৱা নিয়ন্ত্ৰণ ৰেখা (Line of Control) অতিক্ৰম কৰি কাৰ্গিল ক্ষেত্ৰত কৌশলগত অৱস্থান গ্ৰহণ কৰাৰ লগে লগে কালবিলম্ব নকৰি ভাৰতীয় সেনাবাহিনীয়ে ” অপাৰেশ্যন বিজয় , Operation Vijay) নামেৰে ১৯৯৯ চনৰ মে মাহত অনুপ্ৰৱেশকাৰী সকলক সমূলি উচ্ছেদ কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰে। তেতিয়া দুয়ো পক্ষৰ মাজত তুমুল সংঘৰ্ষ সৃষ্টি হয়। অৱশেষত ভাৰতীয় সেনাই একেৰাহে ৬০ দিন তয়াময়া ৰণ কৰি বহুত আত্মত্যাগৰ বিনিময়ত পাকিস্তানৰ সেনাবাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হয়। কাৰ্গিল ভূখণ্ডক নিয়ন্ত্ৰণলৈ অনাৰ পাকিস্তান প্ৰশাসনৰ কৌশলগত মুখ্য উদ্দেশ্য আছিল কাৰ্গিল ভূখণ্ডৰ উচ্চতম ঠাই নিয়ন্ত্ৰণলৈ আনি ৰাষ্ট্ৰীয় ৰাজপথৰ ( National Highway ,NH1A) ওপৰত প্ৰাধান্য বিস্তাৰ কৰা । লাডাখ অঞ্চলক ভাৰতৰ অইন অঞ্চলৰ পৰা সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন কৰা , কাশ্মীৰ সমস্যাৰ বিষয়ে আন্তৰ্জাতিক পৰ্যায়ত দাঙি ধৰা।

ভাৰতীয় শাসকসকলক কাশ্মীৰ সমস্যা সম্পৰ্কে চুক্তি স্বাক্ষৰিত কৰিবলৈ বাধ্য কৰা। পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ নেতৃত্বত এই ৰণকৌশলৰ দ্বাৰা পৰিচালিত হৈ পাকিস্তানী সৈন্যবাহিনীয়ে কাৰ্গিল ভূখণ্ডৰ ওপৰত আক্ৰমণ চলাইছিল। তাৰ প্ৰতোত্তোৰত ভাৰতৰ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত তলত দিয়া ৰণ কৌশল গ্ৰহণ কৰিছিল। বাজপেয়ী চৰকাৰৰ নিৰ্দেশত ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তান অনুপ্ৰৱেশকাৰী সৈন্য বাহিনীক অতৰ্কিতে আক্ৰমণ কৰি ধৰাশায়ী কৰাৰ উপৰিও ভাৰতীয় সেনা বাহিনীক লৈ ” অপৰাশ্বেন বিজয়” নামেৰে ‌ সেনা বাহিনীয়ে জল, থল আৰু আকাশত যুদ্ধ পৰিচালনা কৰি পাকিস্তানী সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল।

বাজপেয়ী চৰকাৰে কুটনৈতিক প্ৰচেষ্টাৰে আন্তৰ্জাতিক নেতাসকল তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ জৰিয়তে পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক পাকিস্তানী সৈন্যবাহিনীক কাৰ্গিল ভূখণ্ডৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাইছিল। ভাৰত চৰকাৰে মিলিটেৰী প্ৰশাসনক অস্ত্ৰ-সস্ত্ৰ, বিভিন্ন যুদ্ধৰ সা-সৰঞ্জাম ( ইকুইপমেন্ট) আৰু গোলা-বাৰুদ(ammunition) যোগান ধৰি সেনা বাহিনীৰ মনোবল বৃদ্ধি কৰিছিল । বাজপেয়ী চৰকাৰে এটি বিশেষজ্ঞ দলৰ মত অনুসৰি কিছুমান ৰণকৌশলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আকাশত যুদ্ধাস্ত্ৰ প্ৰয়োগ আৰু অস্ত্ৰ-সস্ত্ৰ সংৰক্ষণৰ ব্যৱস্থাৰ জৰিয়তে কাৰ্গিল সংঘৰ্ষক নৱ যৌৱন দান কৰিছিল।
বাজপেয়ী চৰকাৰে এই কাৰ্গিল সংঘৰ্ষৰ সময়ত দেশৰ জনগণৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছিল। সকলো ৰাজনৈতিক বিৰোধী দল আৰু সমাজৰ সচেতন ব্যক্তি সকলক লৈ ৰাজপথত ৰেলি উলিয়াইছিল। সাংবাদিক সকলেও জাতিৰ এই সংকট মুহূৰ্তত সৱল ভূমিকা পালন কৰিছিল।

পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফেও অনুপ্ৰৱেশকাৰী সকল ” কাশ্মীৰৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী মুক্তি বাহিনী বুলি ঘোষণা কৰি আন্তৰ্জাতিক পৰ্যায়ত” কাশ্মীৰ সমস্যা ” ৰ কথা দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। আৰু ন্যায় সংগত ভাবে এই মুক্তি সংগ্ৰামী সকলক পাকিস্তান চৰকাৰে অস্ত্ৰ-সস্ত্ৰৰে সৈতে সেনাবাহিনীৰ দ্বাৰা সহযোগিতা আগবঢ়াবলৈ বাধ্য হৈছিল বুলি বিশ্ববাসীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। আন্তৰ্জাতিক ভাবে হেঁচা প্ৰয়োগ কৰা সত্ত্বেও পাকিস্তান চৰকাৰে কাৰ্গিল ভূখণ্ডৰ পৰা সৈন্যবাহিনী প্ৰত্যাহাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল।

যি কি নহওক, অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু অন্যান্য দেশৰ প্ৰচণ্ড চাপত পৰি ১৯৯৯ চনৰ ২৬ জুলাইত পাকিস্তান চৰকাৰে সৈন্যবাহিনী প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু শেষত ১৯৯৯ চনৰ ২৬ জুলাইত পাকিস্তান আৰু ভাৰত চৰকাৰে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত কৰি যুদ্ধৰ অৱসান ঘটায়।

এই কাৰ্গিল যুদ্ধত ভাৰতীয় সেনা বাহিনীয়ে হৃত কাৰ্গিল ভূখণ্ড পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু পাকিস্তান ৰাষ্ট্ৰই পিছ হুহুকিবলৈ বাধ্য হয়।

এই কাৰ্গিল যুদ্ধত বহুত ভাৰতীয় সেনাই প্ৰাণ আহুতি দি শ্বহীদ বৰণ কৰিছিল। এই শ্বহীদসকল হ’ল ক্ৰমে ৰাজ্য হিচাপে

অসম
১/ লেঃ কৰ্ণেল সুভাষ চন্দ্ৰ বোস( কাৰ্গিল জুলাই ১৫ , ১৯৯৯ )
২/ মেজৰ দেবাশীষ বৰদলৈ ( টলোলিং জুন ১৩,১৯৯৯)
৩/ কেপ্টেইন ৰুপাৰ্ট এনড্ৰিউ উইলিয়াম নয়েল ( বাটালিক ,জুন ২৫,১৯৯৯
৪/ হাবিলদাৰ প্ৰেম সিংহ ( পয়েন্ট ৫২০৩, জুলাই,১৯৯৯)
অন্ধ্ৰপ্ৰদেশ
১/লেঃ কৰ্ণেল বিজয় কুমাৰ ( কাৰ্গিল , জুলাই ১৫,১৯৯৯
২/ মেজৰ শ্ৰীৰাম ( টলোলিং , জুন ১৩,১৯৯৯)
বিহাৰ
১/লেঃ কৰ্ণেল শ্যাম সিংহ ( বাটালিক,জুন ২৫,১৯৯৯)
২/ হাবিলদাৰ সুনীল কুমাৰ ( পয়েন্ট ৫২০৩, জুলাই ২২, ১৯৯৯)
হাৰিয়ানা
১/ লেঃ কৰ্ণেল ৰাজেশ সিংহ( কাৰ্গিল, জুলাই ১৫,১৯৯৯)
২/ কেপ্টেইন অনুজ নেয়াৰ ( টলোলিং, জুন ১৩, ১৯৯৯)
জম্মু আৰু কাশ্মীৰ
১/লেঃ কৰ্ণেল বিশ্বনাথ সিংহ ( বাটালিক , জুন ২৫,১৯৯৯)
২/ হাবিলদাৰ মহম্মদ ছফি ( পয়েন্ট ৫২০৩ , জুলাই ২২,১৯৯৯)
কৰ্ণাটক
১/ লেঃ কৰ্ণেল ভেংকাটেছ ( কাৰ্গিল, ১৫ জুলাই ,১৯৯৯)
২/ কেপ্টেইন গণেশ কুমাৰ ( টলোলিং, জুন ১৩ ,১৯৯৯)
কেৰালা
১/ লেঃ কৰ্ণেল পি আৰ হৰি ( বাটালিক, জুন ২৫,১৯৯৯)
২/ হাবিলদাৰ ভি এছ সুনীল কুমাৰ ( পয়েন্ট ৫২০৩, জুলাই ২২,১৯৯৯)
মহাৰাষ্ট্ৰ
১/ লেঃ কৰ্ণেল এছ এছ ৰাও ( কাৰ্গিল , জুলাই ১৫,১৯৯৯)
২/ কেপ্টেইন নিতিন গাডকাৰী ( টলোলিং, জুন ১৩,১৯৯৯)
পাঞ্জাব
১/ লেঃ কৰ্ণেল জে এছ গ্ৰেয়াল ( বাটালিক, জুন ২৫,১৯৯৯)
২/ হাবিলদাৰ জে এছ বিৰকে( পয়েন্ট ৫২০৩, জুলাই ২২, ১৯৯৯)

মুঠতে, পাকিস্তানৰ সৈন্যবাহিনীৰ আকস্মিক আক্ৰমণক প্ৰতিহত কৰিবলৈ গৈ ভাৰতৰ সৈন্য বাহিনীয়ে এই কাৰ্গিল সংঘৰ্ষত লিপ্ত হৈ এক নদী ৰক্তৰ স্ৰোত প্ৰবাহিত কৰি বিজয় সাব্যস্ত কৰাৰ বাবে আমাৰ দেশৰ চৰকাৰে প্ৰতি বছৰে ২৬ জুলাইত “কাৰ্গিল বিজয় দিৱস” উদযাপন কৰি আহিছে।

এই বছৰ অৰ্থাৎ ২০২৪ চনৰ ২৬ জুলাইত ভাৰতীয় বিমান বাহিনীয়ে (Indian Air force) ভাৰতীয় বিমান বাহিনীৰ ছৰশ্বৱাত( Sarsawa) জুলাই মাহৰ ১২ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে ” কাৰ্গিল বিজয় দিৱস” ৰ ৰজত জয়ন্তী উদ্ যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিজয় দিৱসৰ মূল কাৰ্যসূচী হ’ব যুদ্ধ বিমানৰ নানা পাৰ্গতালি প্ৰদৰ্শন। আকাশত উৰি থাকিব Mi-17 V5, ভাৰতীয় বিমান বাহিনীৰ হেলিকপ্টাৰৰ নানা ভঙ্গীৰ উৰণ, বিমান বাহিনীৰ যোদ্ধাসকলৰ ড্ৰীল আৰু বিমান বাহিনীৰ বেণ্ড পৰিৱেশন। এই আকৰ্ষণীয় ” কাৰ্গিল বিজয় দিৱস”ৰ ৰজত জয়ন্তীৰ এই আকৰ্ষণীয় কাৰ্যসূচী উপভোগ কৰিবলৈ ইতিমধ্যে বিমান বাহিনীৰ ছৰশ্বৱা স্টেচনত ৫০০০ হেজাৰ দৰ্শক উপস্থিত হৈছে। তাৰ ভিতৰত আছে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল, স্থানীয় বাসিন্দা, অসামৰিক সন্মানীয় ব্যক্তিসকল আৰু প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী সকল।

” কাৰ্গিল বিজয় দিৱস” প্ৰত্যেক জন ভাৰতীয়ৰ মন-প্ৰাণ দেশপ্ৰেমত উজ্জীৱিত কৰা শ্ৰেষ্ঠ উপহাৰ!