কাৰেঙ
— পুলকেশ দাস
লুইতৰ পাৰত ৰণৰ হুংকাৰ ৷
কাৰেঙ আকৌ ষড়যন্ত্ৰৰে চাৰখাৰ ৷
এচামে দেশৰ বাবে নিজৰ তেজেৰে লুইত ৰাঙলী কৰিছে ,
এচামে আকৌ ঘৰৰ মানুহৰে প্ৰাণ কাঢ়ি ৰঙ চাইছে ৷
এফালে শত্ৰুৰ সৈতে যুঁজিবলৈ এজাক ৰণুৱা ওলাই গৈছে ,
আনফালে আকৌ ঘৰতেই যুঁজিবলৈ থাকি যোৱা শত্ৰুক মাতি অনা হৈছে ৷
দুৰাচাৰী দেবেৰাই কাৰেঙত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷
আই অসমীৰ আকাশ যেন ক’লা ডাৱৰে ছানি ধৰিছে ৷
ৰক্তৰ কণিকাৰে বিয়পি পৰিছে কাৰেঙৰ প্ৰতিখন দুৱাৰ ৷
গড়গাঁৱত উঠিছে ষড়যন্ত্ৰৰ জোৱাৰ ৷
দোভাগ ৰাতি ভাতৃৰ সোণৰ ফুলকটা হেংদাংৰ আক্ৰমণত বলি হৈছে স্বৰ্গদেউ ৷
বিপদে যেন হেঁচা মাৰি ধৰিছে আই অসমীৰ বুকু ৷
এইবোৰ চাই গৌৰৱেৰে ভৰি পৰিছে দেবেৰাৰ বুকু ৷
শৰাইৰ যুঁজ এৰি উভতিছে গুৱাহাটী বাহিনী
সকলোৰে বুকুত জ্বলিছে ক্ষোভৰ অগ্নি ৷
মহানায়কৰ ওচৰত হাৰ মানিলে খলনায়কৰ ষড়যন্ত্ৰই ,
অন্ত পৰিল এটি ক’লা অধ্যায়ৰ ৷
তেজৰ কণিকাৰে কাৰেঙ ৰাঙলী কৰা দেবেৰাৰ তেজেৰে মুক্ত হ’ল কাৰেঙ ৷
ৰাঙলী সূৰুযৰ প্ৰভাতী কিৰণে আকৌ জিলিকাই তুলিলে লুইতৰ দুটি পাৰ ৷