কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি নিজ বাসগৃহত আৰিয়ান খান
ৰঙিলী বাৰ্ত্তাসেৱা- বোম্বাই উচ্চ ন্যায়ালয়ে ৰেভ পাৰ্টীত ড্ৰাগছ গোচৰত আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা ছুপাৰষ্টাৰ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰাৰ পাছত ২২ দিন কাৰাগাৰত কটাই আৰিয়ান খান বাসগৃহত উপস্থিত হয়।মান্নাটত উপস্থিত হোৱাৰ সময়ত শ্বাহৰুখ আৰু পুত্ৰ আৰিয়ানক ইতিমধ্যে বাসগৃহৰ বাহিৰত ভিৰ কৰা গুণমুগ্ধই হৰ্যোল্লাসেৰে আদৰণি জনায়।উল্লেখ্য যে যোৱা ২ অক্টোবৰত মুম্বাইৰ উপকূলত বিলাসী জাহাজত ৰেভ পাৰ্টীৰ সময়ত ড্রাগ্ছ সেৱন কৰাৰ অভিযোগত আৰিয়ান খানসহ ৮জনক এন চি বিয়ে আটক কৰে আৰু তিনি অক্টোবৰত আনুষ্ঠানিকভাৱে আৰিয়ানসহ ৮জনক গ্ৰেপ্তাৰ কৰিছিল। ৮ অক্টোবৰৰ পৰা আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা আৰিয়ানৰ জামিন এন ডি পি এছ আদালতে নাকচ কৰাত ন্যায়িক জিম্মাৰ দিন ৩০ অক্টোবৰলৈ বৃদ্ধি কৰা হয়। নিম্ন আদালতত দুবাৰকৈ জামিন নাকচ হোৱাৰ পাছত আৰিয়ান খানৰ অধিবক্তাই জামিন আবেদন জনায় বোম্বাই উচ্চ ন্যায়ালয়ত। বোম্বাই উচ্চ ন্যায়ালত ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে তিনি দিন শুনানি গ্ৰহণ কৰি এজনীয়া বিচাৰপীঠে আৰিয়ানসহ সহযোগী দুজনৰ জামিন মঞ্জুৰ কৰে।