কাৰাউলি হিংসাৰ পিছত ৯ মে’লৈকে ৰাজস্থানৰ জয়পুৰত ১৪৪ ধাৰা জাৰি 

pc DNA India

কাৰাউলি হিংসাৰ পিছত ৯ মে’লৈকে ৰাজস্থানৰ জয়পুৰত ১৪৪ ধাৰা জাৰি 

ৰঙিলী বাৰ্ত্তাসেৱা-  জয়পুৰ প্ৰশাসনে যোৱা সপ্তাহত ৰাজস্থানৰ কাৰাউলীত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত  চিআৰপিচিৰ ১৪৪ ধাৰা ৯ মে’লৈকে জাৰি কৰে।জয়পুৰ জিলা উপায়ুক্ত আনন্দ কুমাৰ শ্ৰীবাস্তৱে ৯ এপ্ৰিলৰ এক নিৰ্দেশত কয়, “অনুমতি অবিহনে অনুষ্ঠিত হোৱা গণ সমাৱেশ, সভা, শোভাযাত্ৰা আৰু প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা আৰু যান-জঁটৰ বিভ্ৰান্তিহোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ৰাজহুৱা শান্তি ভংগ হোৱাৰ আশংকা থাকিব পাৰে আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত বিৰূপ ব্যাঘাত ঘটিব পাৰে। এনে পৰিস্থিতিত, সামাজিক সম্প্ৰীতি আৰু ৰাজহুৱা শান্তি বজাই ৰখাৰ বাবে তৎক্ষণাৎ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা প্ৰয়োজন।”