কালী দেৱীৰ আগমন
আমাৰ দেশৰ সৰহসংখ্যকেই মানে ১৮ বছৰ উৰ্দ্ধসকলে ক’ৰনাৰ দুইপালি ভেকছিন লৈছে।পিছে এতিয়ালৈকে ভেকছিন পৰা নাই আমাৰ কনমাণিসকলৰ শৰীৰতহে।এফালে শৰতেও শেৱালি ৰ লগত আহি সুগন্ধি বিলাই চোতালত খদমদমাই আছেহি।তাতে শৰতেও লগত লৈ আহিছে উৎসৱসমূহ।যোৱা বছৰৰ পৰা কিন্তু মনুষ্যগণৰ মনত আগৰ দৰে নাই উচ্ছ্বাস-উদ্দীপনা।তথাপিও আধ্যাত্মিকতাৰেই সাজু হৈছে পূজাবোৰলৈ।এতিয়া কথা হ’ল দুর্গাদেৱী বাৰু ধৰালৈ নামি আহিল।তাতে আগন্তুক উপ-নিৰ্বাচনৰ বাবে ক’ৰনাও ক’লে ৰজাঘৰীয়া সকলক যে মই উপ-নিৰ্বাচনলৈকে অলপ জিৰণি লৈ তোমালোকক নিৰ্বাচন টো পাতি ল’বলৈ দিম।ক’ৰবাত অকনমান দেখা দিম নহ’লে আকৌ মোক সন্দেহৰ চকুৰেও চাব নহয়!নে কি কোৱা??ৰজাঘৰীয়াই বোলে…তুমি যি ভাল দেখা আমাৰ কোনো আপত্তি নাই।পিছে চিন্তাত পৰি আমন জিমনকৈ ৰূদ্ৰ মূৰ্তি ধাৰণ কৰি সমগ্ৰ বিশ্বকে ত্ৰস্তমান কৰি তোলা কালী দেৱী আজি স্বৰ্গত বহি আছে।বহি থাকোতে থাকোতেই হঠাৎ আগৰ কথা মনত পৰি গ’ল।মনত পৰি গ’ল ৰক্তবীজলৈ।ব্ৰহ্মাৰ পৰা পোৱা আচৰিত বৰটোৱে কেনেকৈ যে তাৰ মানসিকতা বিকৃত কৰি পেলাইছিল।অসুৰ হৈ দেৱীৰ প্ৰতি মন মেলিছিল।সেই উদ্দেশ্যেৰে আমাৰ ইয়ালৈও টো আহিছিল।মানে দেৱলোকলৈ ও…তাৰ ভয়ত সকলো পলাই আহি মোৰ ওচৰ পাইছিলহি।সকলোৰে কথা ভাবি মই ৰক্তবীজক যেতিয়া ভালে ভালে যাবলৈ কৈছিলো সি আকৌ মোক হাহিঁছিল।খঙতে আমাৰ এখেত মানে মহাদেৱৰ ত্ৰিশূল পাতকে গালৈকে মাৰি পঠাইছিলো।কেনেকুৱা যে খং উঠিছিল নহয় !আকৌ তাক মাৰি আছো মাৰি আছো,য’তেই তাৰ তেজ পৰে তাতে আকৌ ৰক্তবীজৰ জন্ম হয়।এইবোৰ দেখি মোৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল লগতে সৰ্বশৰীৰ নীলা হৈ হাতত তৰোৱাল আৰু ডিঙিত নৰকংকালৰ মালা পিন্ধি ৰক্তবীজক খেদি গৈছিলো , আজিও ভাবিলে আচৰিত লাগে।সি মোৰ এই ৰূপ দেখি পলাবলৈ লওঁতেই চুলিত ধৰি মূৰটো কাটি পেলাই তেজবোৰ নপৰাকৈ এটা পাত্ৰত থৈ দিছিলো আৰু একে উশাহতে গিলি পেলাইছিলো।মোৰ এই ৰূপ দেখি সকলোৱে কিন্তু বৰ ভয় খাইছিল দেই।শেষত মহাদেৱে মোৰ খং কমাবলৈ কেনেকৈ যে মই অহাৰ বাটত শুই দিছিল আৰু মই ও নেদেখি তেওঁৰ গাৰ ওপৰতে ভৰিখন দি দিয়াৰ লগে লগে আপোনা আপুনি মোৰ মুখৰ ভিতৰৰ পৰা জিভাখন ওলাই গৈছিল।সেই দিনাৰ পৰাই ধনতেৰেচৰ পিছদিনা কালীপূজাৰ আগদিনা সকলোৱে ১৪গছি চাকি জ্বলাই ভূত চতুৰ্দশী উদযাপন কৰে। তেনেতে দুৰ্গা আহি কালীৰ ওচৰ পালেহি।কি হ’ল কালী তুমি আজি মৰ্ত্যলৈ নোযোৱা নেকি??কি চিন্তা কৰি আছানো?নক’বা আৰু পূজা পাতিবনে বা নাপাতে কি ঠিক | বৰ্তমান তাৰ পৰিস্থিতি বা কেনে ?? তাতে তোমালোকে বা কেনে পালা একো গ’ম নাপাওঁ,সেই কাৰণে বহি থাকোতে ৰক্তবীজলৈ মনত পৰিল।অ’ সেইটো কথা।একো নহয় যাব পাৰিবা।তিনিদিনৰ কথাহে খালি লগত মাস্ক,চেনিটাইজাৰ এইবোৰ লৈ যাবা।ভেকছিন লৈ থৈছা যেতিয়া ইমান চিন্তা নকৰিবা।তথাপিও সামাজিক দূৰত্ব মানি থাকিবা।তোমাৰ পৰা নিশ্চয়তা পায় এতিয়াহে নিশ্চিন্ত হ’লো বুলি এটা মিচিকিয়া হাহিঁ মাৰিলে |বাৰু ৰ’বা তুমি বহা মই মৰ্ত্যলৈ যাবলৈ তেন্তে সাজু হওঁগৈ।
স্বাগতা বৰুৱা গোস্বামী