কালজয়ী উপন্যাস “অসীমত যাৰ হেৰাল সীমা” প্ৰকাশৰ আজি ৭৭ বছৰ সম্পূৰ্ণ

Pc The Janambhumi

কালজয়ী উপন্যাস “অসীমত যাৰ হেৰাল সীমা” প্ৰকাশৰ আজি ৭৭ বছৰ সম্পূৰ্ণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস৷এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে।কালজয়ী উপন্যাস “অসীমত যাৰ হেৰাল সীমা” প্ৰকাশৰ আজি ৭৭ বছৰ সম্পূৰ্ণ হ’ল।আজিৰ দিনটোতে ১৯৪৫চনত ‘অসীমত যাৰ হেৰাল সীমা’ উপন্যাসখন প্ৰথম প্ৰকাশ কৰা হৈছিল।অসমীয়া সাহিত্যৰ প্ৰতিখন গ্ৰন্থৰে প্ৰকাশ অভিলেখ ভংগ কৰি জনপ্ৰিয়তা আৰু সৰ্বাধিক বিক্ৰীৰে শীৰ্ষত থকা একমাত্ৰ গ্ৰন্থখনেই হ’ল “অসীমত যাৰ হেৰাল সীমা”।এটা সপোনক আধাৰ কৰি “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে।অসমীয়া সাহিত্যৰ পাঠকৰ বাবে “অসীমত যাৰ হেৰাল সীমা” কেৱল এখন উপন্যাস নহয়, বহু প্ৰজন্মৰ পাঠকৰ মন জিনা ই এক আৱেগ-অনুভৱ আৰু প্ৰেম কাহিনীৰ জীৱন্ত দলিল।পাঠকৰ হৃদয়ত চিৰকাল সজীৱ হৈ থকা গ্ৰন্থখনেই হ’ল “অসীমত যাৰ হেৰাল সীমা”।উল্লেখযোগ্য যে,অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী কহিনুৰ থিয়েটাৰে, এই উপন্যাসখন ২০০৮ চনত মঞ্চস্থ কৰিছিল৷’অসীমত যাৰ হেৰাল সীমা’ উপন্যাসখন ড° অনামিকা ৰায়ে কৰা বাংলা অনুবাদ ‘ড° অনামিকা ৰায় সোঁৱৰণী ন্যাস’এ প্ৰকাশ কৰি বাংলা সাহিত্যৰ পাঠকৰ বাবেও আগবঢ়াইছে।আকাশবাণী গুৱাহাটী কেন্দ্ৰইয়ো নতুনকৈ উপন্যাসখনৰ অসমীয়া শ্ৰাব্যিক সংস্কৰণ সম্প্ৰচাৰ কৰিছে আৰু ডিজিটেল প্লেটফৰ্ম ইউটিউবতো উপলব্ধ কৰিছে।