কামৰূপ মহানগৰ জিলা সাহিত্য সভা গল্প প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

PC- NDTV.com

কামৰূপ মহানগৰ জিলা সাহিত্য সভা গল্প প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন অহা ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সোণাপুৰ স্বৰ্ণ সাহিত্য সভাৰ সহযোগত সোণাপুৰ ভাদুড়ী ক্ষেত্ৰত অনুষ্ঠিত হ’ব। অধিৱেশনৰ সতে সংগতি ৰাখি জিলা সাহিত্য সভাই সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা গল্প প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি “ঢোলৰ মাত” শীৰ্ষক গল্পৰ বাবে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ মৃদুল কুমাৰ চহৰীয়াই প্ৰথম পুৰস্কাৰ, “জাল গুঁঠা মানুহজনী” শীৰ্ষক গল্পৰ বাবে হাজো অভয়াপুৰৰ ৰেণুকা কলিতাই দ্বিতীয় পুৰস্কাৰ আৰু “বসুন্ধৰাৰ ব্যাধি” শীৰ্ষক গল্পৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ জালুকবাৰীৰ মণিৰূপা মিশ্ৰই তৃতীয় পুৰস্কাৰ লাভ কৰিছে। বিজয়ী প্ৰতিযোগী সকলক অহা ৮ জানুৱাৰীত অনুষ্ঠিতব্য কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত দিনৰ দুই বজাত বঁটা সমূহ প্ৰদান কৰা হ’ব। বিজয়ী প্ৰতিযোগী সকলক কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ ৰায়মেধিৰ সতে ৯৮৫৯৭৭৯৬৮৭ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।