কাছাৰত দৰিদ্ৰ পৰিয়ালৰ মাজত ‘ভইচ অৱ নীডি’ৰ বস্ত্ৰদান টীমৰ কাপোৰ বিতৰণ

কাছাৰত দৰিদ্ৰ পৰিয়ালৰ মাজত ‘ভইচ অৱ নীডি’ৰ বস্ত্ৰদান টীমৰ কাপোৰ বিতৰণ
মুহাম্মাদ আফজাল, মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  বিগত বছৰৰ দৰে এইবাৰো স্বেচ্ছাসেৱী সংগঠন ‘ভইচ অৱ নীডি’ৰ বস্ত্ৰদান টীমৰ সৌজন্যত অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শীতকালীন বস্ত্ৰদান কাৰ্যসূচী। যোৱা ২৬ নৱেম্বৰত মধ্য অসমৰ মৰিগাঁও জিলাৰ পৰা শুভাৰম্ভ হোৱা চলিত বৰ্ষৰ শীতকালীন বস্ত্ৰদান কাৰ্যসূচী আজি সুন্দৰকৈ সম্পন্ন হয় কাছাৰ জিলাৰ শিল্পগ্ৰাম আৰু আইৰংমাৰা গাঁৱত। সংগঠনটোৰ সচিব নাজিমা বেগমৰ লগতে অনিন্দিতা হাজৰিকা আৰু ৰীতা সাহাৰে গঠিত ‘ভইচ অৱ নীডি’ৰ এটি সৰু দলে ঘৰে ঘৰে গৈ কুৰিৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত শীত আৰু গৰম উভয়তে পৰিধান কৰিব পৰাকৈ বিধে বিধে কাপোৰ বিতৰণ কৰাৰ লগতে আঁঠুৱা, বেগ আদিও দান কৰে। আবাল-বৃদ্ধ-বণিতা সকলোৱে অতি আগ্ৰহেৰে নিজ হাতে নানা প্ৰয়োজনীয় কাপোৰ সংগ্ৰহ কৰি অতিশয় আনন্দিত হোৱাৰ লগতে মানৱদৰদী সংগঠনটোৰ এনে প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। সদাশয় লোকৰ সহায়-সহযোগিতাৰ দ্বাৰা দুখীয়া ৰাইজৰ হকে সম্পন্ন কৰা এনে ধৰণৰ আদৰণীয় পদক্ষেপ আগলৈকো বৰাক উপত্যকাৰ ভিন্ন প্ৰান্তত চলি থাকিব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সচিব তথা অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী নাজিমা বেগমে।