‘কা’এক বাস্তৱ আৰু ই বাস্তৱ হৈ থাকিব: অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগৰ শিলিগুৰিত এক ৰাজহুৱা সভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ দেশত বলৱৎ কৰা হ’ব বুলি স্পষ্টকৈ ঘোষণা কৰে। ‘কা’ দেশত বলৱৎ কৰা নহ’ব বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি অভিযোগ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে স্পষ্টকৈ কয় যে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীত আছে নাগৰিকত্ব সংশোধনী আইন। তেওঁ লগতে কয়- “মই আজি উত্তৰ বংগলৈ আহিছো। মই এটা কথা অতি স্পষ্ট কৈ দিব বিচাৰো যে দিদিয়ে ‘কা’ সম্পৰ্কে উৰাবাতৰি প্ৰচাৰ কৰি আছে যে ‘কা’ বলৱৎ কৰা নহ’ব বুলি, কিন্তু মই ক’ব বিচাৰো যে ক’ভিডৰ ঢৌ হ্ৰাস হোৱাৰ লগে লগে ‘কা’ বলৱৎ কৰা হ’ব,” তেওঁ কয় যে ‘কা’ এক বাস্তৱ আৰু ই বাস্তৱ হৈ থাকিব। তৃণমূল কংগ্ৰেছে ইয়াৰ বিষয়ে একো কৰিব নোৱাৰে। সংশোধিত নাগৰিকত্ব আইনখন ২০১৯ চনত আহিছিল, তেতিয়াৰ পৰা ২০২০ চনলৈকে দেশৰ প্ৰান্তে প্ৰান্তে ‘কা’ ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছিল। ক’ভিডৰ লকডাউনৰ ফলত এই প্ৰতিবাদ স্তিমিত হৈ পৰে।