কাইলৈৰ পৰা আই চি চি টি-২০ বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ মেচসমূহ আৰম্ভ হ’ব

pc T20 World Cup

কাইলৈৰ পৰা আই চি চি টি-২০ বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ মেচসমূহ আৰম্ভ হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা – আই চি চি টি-২০ বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ মেচসমূহ আৰম্ভ হ’ব আগন্তুক দেওবাৰৰ পৰা। এই মেচসমূহ মস্কট চহৰৰ অল এমিৰেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। ৩ হাজাৰ আসনবিশিষ্ট এই গ্ৰাউণ্ডত প্ৰথমবাৰৰ বাবে আই চি চিৰ মেগা ইভেণ্টৰ মেচ খেলোৱা হ’ব। ঘৰুৱা দল ওমানৰ লগত বাংলাদেশ, পাপুৱা নিউগিনি, শ্রীলংকা, নামিবিয়া, নেডাৰলেণ্ডছ আৰু স্কটলেণ্ডে টি-২০ বিশ্বকাপৰ ছুপাৰ ১২ ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ লক্ষ্যৰে দেওবাৰৰ পৰা প্ৰাৰম্ভিক ৰাউণ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰাৰম্ভিক ৰাউণ্ডৰ গ্ৰুপ বিৰ ৬খন মেচ আয়োজনৰ দায়িত্ব লাভ কৰিলেও ওমান ক্রিকেট সন্থা ইয়াক লৈ অত্যন্ত উৎসাহী। বিশ্বকাপৰ দৰে আগশাৰীৰ প্রতিযোগিতাৰ মেচ আয়োজনৰ দায়িত্ব অৰ্পণৰ বাবে বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰিছে ওমান ক্রিকেট সন্থাৰ মুৰব্বী পংকজ খিমজিয়ে।