‘কাঁ’ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত পাটৰ সাজ পৰিধান ব্ৰিটিছ সুন্দৰীৰ

‘কাঁ’ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত পাটৰ সাজ পৰিধান ব্ৰিটিছ সুন্দৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘কাঁ’ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত পাটৰ সাজ পৰিধান কৰি ভুমুকি মাৰিলে ব্ৰিটিছ সুন্দৰীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতনামা ব্ৰিটেইনৰ টপ মডেল ইনগ্রিড ইলজিনে অসম তথা অসমীয়াৰ ঐতিহ্য পাটেৰে প্ৰস্তুত কৰা ৰঙা ৰঙৰ পোছাক পৰিধান কৰি কাঁ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত কেটৱাক কৰা পৰিলক্ষিত হয়।ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ফেশ্বন শ্ব’ত অংশগ্রহণেৰে অসমলৈ সুনাম কঢ়িয়াই অনা প্রখ্যাত ডিজাইনাৰ সংযুক্তা দত্তই মডেলগৰাকীয়ে পৰিধান কৰা পোছাক প্ৰস্তুত কৰিছে। অসমৰ পাটৰ সাজ পৰিধান কৰা ইনগ্রিড ব্ৰিটেইনৰ টপ মডেলসকলৰ ভিতৰত অন্যতম। ইনগ্রিড মিছ ফিল্ম ফেষ্টিভেল ইণ্টাৰনেচনেল প্রতিযোগিতাৰ বিজয়ী। টপ মডেলগৰাকীয়ে সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেড কার্পেটত কেটৱাক কৰাৰ সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।