কল বিক্ৰী কৰা পিতৃৰ গৌৰৱ

কল বিক্ৰী কৰা পিতৃৰ গৌৰৱ

ৰঙিলী বাৰ্ত্তসেৱা- সন্তানৰ সফলতাত গৌৰৱী পিতৃ।মিৰ্জাৰ সমীপৰ বৰকুছি চকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কল বিক্ৰী কৰা এগৰাকী লোকে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।পথৰ কাষত কলৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।লোকজনৰ পুত্ৰৰ পুলিচত চাকৰি হৈছে৷ বৃহস্পতিবাৰে ঘোষণা কৰা অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ ফলাফলত পুত্ৰ উত্তীৰ্ণ হয়।পুত্ৰৰ সফলতাত পিতৃয়ে গ্ৰাহকক যাচিলে এগিলাচকৈ চৰৱত।ছচিয়েল মিডিয়াত ভাৰমাৰ মজুমদাৰ নামৰ এগৰাকী লোকে ছচিয়েল মিডিয়াত লিখিছে-”মিৰ্জাৰ সমীপৰ বৰকুছি চকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে কল বিক্ৰী কৰি থকা মানুহ জনৰ পৰা কল কিনিবলৈ গৈ দাম সুধিলো।তেওঁ ক’লে মালভোগ ৭০ টকা চেনী ৪০ টকা।মালভোগ ল’লো।তেওঁ খুব আগ্ৰহেৰে কাপোৰৰ মোনাৰ পৰা এটা মিৰিণ্ডাৰ বটল এটা উলিয়াই এগিলাচ খাবলৈ ক’লে।মই ক’লো মোৰ চুগাৰ আছে নাখাও দিয়ক ধন্যবাদ। তেওঁ ক’লে অলপ খালে ভাল লাগিলহেতেন মোৰ ল’ৰাই আজি পুলিচত চাকৰি পাইছে।ময়ো লগে লগে গিলাচটো শেষ কৰি দিলো।খুৰাৰ হাঁহিভৰা মুখখন দেখি মোৰো মন আনন্দৰে ভৰি পৰিল।খুৰাক শুভেচ্ছা জ্ঞাপন কৰি গাড়ী অভিমুখে খোজ দিলো। কাষত ৰৈ থকা মানুহ এজনে কলৰ দোকানজনক কোৱা কথা এষাৰ ভাহি আহিল।এনেকুৱা চৰকাৰ থাকিলে আমাৰ দৰে দুখীয়া মানুহৰ নিশ্চয় উপকাৰ হ’ব।”