ক’লা ৰং – নাজবিন চুলতানা

ক’লা ৰং
নাজবিন চুলতানা, পাটসাঁকো
কোনোবাই সুধিছিল ক’ৰবাত
ক’লা ৰং কিয় ভাললাগে ..
উত্তৰতনো মই কি ক’ম
ভিন্ন লোকৰ ভিন্ন কাৰণ ।
মনে মানি লয় ক’লা ৰঙৰ প্ৰাচুৰ্যতাক,
নাথাকে ইয়াৰ কোনো মিছা প্ৰভাৱ।
আছে ক’লা ৰঙৰো সৌন্দৰ্য …
নহ’লেনো ই ৰৈ যায়নে
বিষাদৰ প্ৰতীক হৈ।
আন্ধাৰবোৰৰ মাজত নিজক দেখা পাওঁ
জুকিয়াই চাওঁ এই আান্ধাৰতে হেঁচি ৰখা কথাবোৰ।
লুকুৱাই ৰখা ছবিখন খুলি চাওঁ
ৰহস্যৰ ভেদ কৰিবলৈ।
কিন্তু আন্ধাৰবোৰে সংগ দিব নোৱাৰে,
দিয়ে স্মৃতিৰ খতিয়ান….
লাহে লাহে প্ৰিয় হৈ পৰা
 আন্ধাৰবোৰেই যেন
বগা ডাৱৰৰ মৰ্মান্তিক
 এচকলা ক’লা আঘাত …।
হয়তো…,
অস্থায়ী মনৰ নিৰ্দয় ক্ষোভৰ এয়া
অন্ধপ্ৰিয়তাৰ গোপন প্ৰহাৰ …।।