কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা – জয়ন্ত কলিতা

Pc The Janambhumi

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

অসমৰ অসমীয়াত্ব
চিৰ দিন জিয়াই থাকিব
তোমাৰ সংগ্রামী তেজেৰে।
স্বন্দ কলাৰ পোহৰৰে দিপ্ত
তোমাৰ বিপ্লৱী প্ৰতিবিম্ব।
প্ৰমত্ত দুৰ্বাৰ পছোৱাত
আৰাধ্য গীতৰ শৰাইৰে
উদ্ভাসিত তোমাৰ সংগীত।
নিবিড় সাহিত্যৰ বোৱতী নৈ
উন্মুক্ত সৃষ্টিৰ আলোত,
তোমাৰ ছন্দ কবিতাত
আমাৰ স্পন্দন জাগি উঠে।
তোমাৰ বিদ্ৰোহী প্ৰশ্বাসত
স্তব্ধ ৰজনীত জ্বলি উঠে
এডাল দিপ্ত বজ্ৰ শিখা।
অসমৰ অসমীয়াত্ব
চিৰ দিন জিয়াই থাকিব
তোমাৰ সাহিত্যৰ সৃষ্টি ৰে।
অসমৰ অসমীয়াত্বৰ
উদৰে উদৰে খোদিত
বিষ্ণু প্ৰসাদ ৰাভা নামেৰে।।

জয়ন্ত কলিতা
ৰঙিয়া (তুলসীবাৰী)