কলাক্ষেত্ৰত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়-বিনিময় অভিযানৰ কৰ্মশালা

কলাক্ষেত্ৰত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়-বিনিময় অভিযানৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰথম পৰ্যায়ৰ চতুৰ্থ কৰ্মশালাৰ ১৫ দিনীয় কাৰ্যসূচীৰ দ্বিতীয় দিনা তথা আজি পুৱৰ ভাগত সমূহ প্ৰশিক্ষাৰ্থীৰ যোগাসন-প্ৰাণায়মৰ প্ৰশিক্ষণেৰে আৰম্ভ কৰা হয়৷এইবাৰৰ কৰ্মশালাত কোচ,ৰাভা,দেউৰী আৰু মৰাণ জনগোষ্ঠীৰ প্ৰায় ১২০ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়ে নাৰায়ণ চন্দ্ৰ কলিতাই৷পৰৱৰ্তী সত্ৰত জনগোষ্ঠী অনুযায়ী ভোৰতালৰ প্ৰশিক্ষণ প্ৰদান কৰে -ধন কুমাৰ বিষয়া আৰু তেওঁৰ সংগীবৃন্দই৷জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰশিক্ষণ প্ৰদান কৰে- উষা পি কোচ,বীৰেন ৰাভা,গুৰেশ্বৰ দেউৰী আৰু জিতু গোস্বামীৰ লগতে কেইবাজনো সমল ব্যক্তিয়ে৷কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ’অসমৰ জনগোষ্ঠীয় প্ৰমূল্যৰ বৈচিত্ৰ্যময় পৰম্পৰা আৰু ৰাষ্ট্ৰীয় একাত্মতাবোধ’ শীৰ্ষক এক বৌদ্ধিক আলোচনা সত্ৰত বক্তৃতা প্ৰদান কৰে শিক্ষা বিভাগৰ মন্ত্ৰী ডা° ৰণোজ পেগুয়ে৷সম্বৰ্ধনা জনাই কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি জিতুল সোণোৱালে৷অনুষ্ঠানত উপস্হিত থাকে কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে৷বক্তৃতাৰ সামৰণিৰ পাছত প্ৰশ্নোত্তৰ শিতান প্ৰশিক্ষাৰ্থীসকলৰ কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে বক্তৃতাৰ বিষয় সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন উথ্থাপন কৰে আৰু বক্তাজনে তেওঁলোকৰ প্ৰশ্নৰ সঠিক উত্তৰ প্ৰদান কৰে৷