কলাক্ষেত্রত ড° পুষ্প গগৈৰ একক চিত্র প্রদর্শনী শুভাৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট শিল্পী, গৱেষক ড° পুষ্প গগৈ (ধেমাজি)ৰ ‘একক চিত্র প্রদর্শনী’ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শীত-তাপ নিয়ন্ত্রিত কলা-বীথিকাত আৰম্ভ হয়। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত দিনৰ ৩-৩০ বজাত অনুষ্ঠিত হোৱা উন্মোচনী সভাত উন্মোচক হিচাবে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদর্শন ঠাকুৰ। প্রদর্শনীখনি উন্মোচন কৰি সচিবে পুষ্প গগৈৰ এই শিল্প কৰ্মৰ প্ৰতি ভূয়সী প্রশংসা কৰে আৰু অনাগত দিনত তেখেতৰ আৰু নতুন শিল্প কৰ্মৰ সৃষ্টি কৰি ভাৰতৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন বিদেশৰ প্ৰদৰ্শিত কৰাৰ বাবে ব্যক্ত কৰে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ শিল্পী দিলীপ তামুলী, শোভাকৰ লস্কৰ, শশীন বৰঠাকুৰ, অতুল বৰুৱা আদি। এই প্রদর্শনীখনি অহা ১৫ ডিচেম্বৰ, ২০২৪ তাৰিখলৈ কলাক্ষেত্ৰৰ শীত-তাপ নিয়ন্ত্রিত কলা-বীথিকাত প্রদর্শিত হ’ব। সমূহ শিল্পীপ্ৰাণ ৰাইজক উক্ত প্রদর্শনীখনি উপভোগ কৰিবলৈ শিল্পী পুষ্প গগৈদেৱে এক প্রেছ বিজ্ঞপ্তিযোগে অনুৰোধ জনাইছে।