কলকাতাত ১৮ বছৰীয়া মডেল মৃত অৱস্থাত উদ্ধাৰ

pc the Indian Express

কলকাতাত ১৮ বছৰীয়া মডেল মৃত অৱস্থাত উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী ১৮ বছৰীয়া মডেল আৰু মেক-আপ আৰ্টিষ্ট সৰস্বতী দাসক কলকাতাৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। “এনেকুৱা লাগিছে যে এইটো আত্মহত্যাৰ ঘটনা, কিন্তু আমি আন দিশবোৰো চোৱা প্ৰয়োজন,” আৰক্ষীয়ে কয়। মডেল মঞ্জুশা নেওগী আৰু বিড়িশা দে মজুমদাৰৰ মৃত্যুৰ এসপ্তাহৰ ভিতৰত এইটো তৃতীয় ঘটনা।