কর্মসূত্রে দেশে-বিদেশে নিয়োজিত হৈ থাকিলেও মাতৃভূমিৰ টানে প্রবাসী অসমীয়াসকলক একাত্ম কৰি ৰাখিছে: সৰ্বানন্দ সোণোৱাল

কর্মসূত্রে দেশে-বিদেশে নিয়োজিত হৈ থাকিলেও মাতৃভূমিৰ টানে প্রবাসী অসমীয়াসকলক একাত্ম কৰি ৰাখিছে: সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ ইৰাণ ভ্ৰমণ সামৰি সংযুক্ত আৰৱ আমিৰশাহি (ইউ এ ই) ভ্ৰমণ কৰাৰ সময়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে ডুবাইত প্রবাসী অসমীয়াসকলৰ সৈতে মত-বিনিময়ৰ অন্তৰংগ অনুষ্ঠানত মিলিত হয়। অসমৰ গৌৰৱ, ভাৰত চৰকাৰৰ আগশাৰীৰ মন্ত্ৰী তথা প্রিয় নেতাগৰাকীক মাজত পাই উৎফুল্লিত হৈ পৰে সংযুক্ত আৰৱ আমিৰশাহিৰ প্রবাসী অসমীয়া সমাজ। অসমৰ জাতীয় সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত সৰ্বানন্দ সোণোৱালৰ সৈতে সংযুক্ত আৰৱ আমিশাহিত সুপ্রতিষ্ঠিত বহুতো অসমীয়া লোক উপস্থিত থাকে। “কর্মসূত্রে বহু অসমীয়া দেশে-বিদেশে নিয়োজিত হৈ থাকিলেও মাতৃভূমিৰ টানে সকলোকে একাত্ম কৰি ৰাখিছে। এইসকল প্রবাসী অসমীয়াক যেতিয়াই লগ পাওঁ, আপোনত্ব অনুভৱ কৰোঁ।শেহতীয়াভাৱে চৰকাৰী কাৰ্যসূচী লৈ ডুবাইলৈ আহি প্রবাসী অসমীয়াসকলক লগ পাই মই অতিকৈ আপ্‌প্লুত হৈছোঁ। বিদেশৰ মাটিত বহু অসমীয়াই কর্মদক্ষতাৰে সংস্থাপিত হোৱা দেখিলে মনটো আনন্দত উথলি উঠে।”- সোণোৱালে উল্লেখ কৰে।ইউ.এ.ই.-ৰ সৈতে সামুদ্ৰিক আৰু বন্দৰ সম্পৰ্কীয় তথা অন্যান্য দ্বিপাক্ষিক সম্পর্ক উন্নীত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সদিচ্ছাৰে কেনেধৰণৰ পদক্ষেপ হাতত লৈছে, সেই সন্দৰ্ভত সোণোৱালে প্রবাসী অসমীয়া সমাজক অৱগত কৰে আৰু সংশ্লিষ্ট বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।মহাবাহু ব্ৰহ্মপুত্ৰৰ সুযোগ-সম্ভাৱনাক অসম তথা দেশৰ হিতৰ বাবে উন্মুক্ত কৰাত ভাৰত চৰকাৰে কেনেধৰণৰ ভূমিকা গ্রহণ কৰিছে বুলি এজন প্রবাসী অসমীয়াই সোধা উত্তৰত সর্বানন্দ সোণোৱালে কয়, “এসময়ত ব্ৰহ্মপুত্ৰ বেপাৰ-বাণিজ্যৰ বাবে উল্লেখযোগ্য পৰিবহণৰ মাধ্যম আছিল যদিও স্বাধীনতাৰ পৰৱৰ্তীকালত এই গৰিমা স্তিমিত হৈ পৰিছিল। কিন্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জলপথসমূহৰ পুনৰুজ্জীৱিতকৰণেৰে দেশৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰাত বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে, যাৰ ফলত ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত জলপথ পৰিবহণৰ কাম ক্ষিপ্ৰতৰ হৈ উঠিছে। ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ ৰাষ্ট্ৰীয় জলপথ-১ অর্থাৎ গংগা আৰু ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মাজৰ ঐতিহাসিক জলপথছোৱা পুনৰুজ্জীৱিত কৰাৰ ফলত এতিয়া পাটনা, হলদিয়া আদিৰপৰা গুৱাহাটীৰ পাণ্ডুলৈ কাৰ্গ’ পৰিবহণ সুচল, দ্রুত আৰু ব্যয়সন্মত হৈ উঠিছে।তদুপৰি, সুচল জাহাজ পৰিবহণৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আধুনিক প্ৰযুক্তিৰদ্বাৰা খননৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।” তদুপৰি ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত সংযোজিত হ’বলগীয়া টার্মিনেল, টৰিষ্ট জেটী, ৰিভাৰ ফ্ৰণ্ট প্রকল্প আদিৰ লাভালাভৰ ওপৰতো তেওঁ আলোকপাত কৰে। নুমলীগড় শোধনাগাৰক ৰে’ল সেৱাৰেও সংযোগ কৰাৰ চিন্তা-চৰ্চা চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, নুমলীগড়ৰপৰা ভাৰতৰ বাহিৰলৈ বিশেষকৈ বৃহৎ উপভোক্তাৰ দেশ বাংলাদেশলৈ বায়’ৰিফাইনেৰী প্ৰডাক্টৰ ৰপ্তানি আৰু বাহিৰৰপৰা কেঁচামালসমূহৰ আমদানিৰ ক্ষেত্ৰত ধনশিৰি নদীৰ ভূমিকা অপৰিসীম। সেয়েহে কাৰ্গ’ জাহাজৰ সুচল চলাচলৰ বাবে এই নদীখনত খননৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বন্দৰ, জাহাজ পৰিবহণ সম্পৰ্কীয় এটি প্ৰশ্নৰ উত্তৰত সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০”ক সাৰোগত কৰি ভাৰতে সামুদ্রিক খণ্ডত এতিয়া কেনেধৰণে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই সন্দৰ্ভতো বিৱৰি কয়। লগতে সাগৰমালা প্রকল্পৰ জৰিয়তে দেশৰ জলপথ, উপকূলীয় অঞ্চল তথা সামুদ্রিক খণ্ডক ত্বৰান্বিত কৰা পদক্ষেপসমূহৰ বিষয়েও প্রবাসী অসমীয়াসকলক অৱগত কৰে সোণোৱালে।অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিগত সময়ছোৱাত সম্ভৱ হোৱা অভূতপূৰ্ব পৰিৱৰ্তনে কিদৰে সৰ্বস্তৰৰ জনগণক সামৰি লৈছে আৰু প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠিত হোৱাৰ ফলত কিদৰে উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে, সেই সন্দৰ্ভতো সোণোৱালে মত প্ৰকাশ কৰে। কৰ্মসূত্ৰে দেশৰ বাহিৰত থাকিলেও পুণ্য ভাৰতভূমি তথা অসমী আইৰ প্ৰতি সদাদায়বদ্ধ হৈ মাতৃভূমিৰ হিতৰ বাবে চিন্তা কৰি আৰু অৰিহণা আগবঢ়াই কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ প্রবাসী অসমীয়াসকলক সোণোৱালে আহ্বান জনায়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল ইৰাণ আৰু ইউ.এ.ই.লৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচী লৈ আহিছিল। ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰিও তেওঁ ইউ.এ.ই.ৰ জেবেল আলী বন্দৰ ভ্ৰমণ কৰিছে আৰু দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ উপৰিও বিনিয়োগকাৰীৰ সৈতেও বৈঠকত মিলিত হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, ইউ.এ.ই.ৰ মাজৰ সামুদ্রিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা।