কমনৱেলথ গেমছত পুৰুষৰ টেবুল টেনিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ জয় ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ পুৰুষৰ টেবুল টেনিছ দলে ছিংগাপুৰৰ টেবুল টেনিছ দলক ৩-১ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত স্বৰ্ণ জয় কৰে। কমনৱেলথ গেমছত পুৰুষৰ টেবুল টেনিছ দলৰ প্ৰতিযোগিতাত এইটো ভাৰতৰ একেৰাহে দ্বিতীয়টো সোণৰ পদক। নাইজেৰিয়াক ৩-০ গ’লত পৰাস্ত কৰিত ইংলেণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰে।