ডিব্ৰুগড়ত মৰ্মান্তিক পথ দুৰ্ঘটনাত ২১ বছৰীয়া সুস্মিতা চেত্ৰীৰ মৃত্যু
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ চিৰিং চাপৰিত এখন ডাম্পাৰ ট্ৰাকে চাইকেলখনত খুন্দা মৰাৰ ফলত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ২১ বছৰীয়া কিশোৰীয়ে। ডিব্ৰুগড়ৰ এখন হোষ্টেলত থকা মাৰ্ঘেৰিটাৰ বাসিন্দা সুস্মিতা চেত্ৰী (২১) বুলি চিনাক্ত কৰা হৈছে । প্ৰাৰম্ভিক খবৰ অনুসৰি চিৰিং চাপৰি অঞ্চলৰ মাজেৰে চাইকেল চলাই গৈ থকা অৱস্থাত ডাম্পাৰখনে ছোৱালীজনীক খুন্দা মাৰে, যাৰ ফলত তেওঁৰ গুৰুতৰ আঘাত হয়। ওচৰতে উপস্থিত থকা ডিব্ৰুগড় পৌৰ নিগমৰ বিষয়াসকলে ততাতৈয়াকৈ আহত মহিলাগৰাকীক পৌৰ নিগমৰ গাড়ীৰে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তাত মৃত বুলি ঘোষণা কৰে। স্থানীয় বাসিন্দাসকলৰ মতে পথ সুৰক্ষাৰ নামত চহৰৰ ব্যস্ত অঞ্চলৰ মাজেৰে গধুৰ যান বাহনৰ চলাচলক অনুমতি দিয়াৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতে আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।
