কভোভাক্সে প্ৰাপ্তবয়স্ক সকলৰ বাবে আৰু ১২ বছৰৰ অধিক বয়সৰ শিশুৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ

pc Mint

কভোভাক্সে প্ৰাপ্তবয়স্ক সকলৰ বাবে আৰু ১২ বছৰৰ অধিক বয়সৰ শিশুৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-   চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই জনাইছে যে ইয়াৰ ভেকছিন কভোভাক্সে ডিচিজিআইৰ দ্বাৰা জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন (ইইউএ) লাভ কৰিছে। প্ৰাপ্তবয়স্ক আৰু ১২ বছৰৰ অধিক বয়সৰ শিশুক কোভিড ১৯ ভেকছিন প্ৰদানৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে। ১৮ বছৰৰ তলৰ লোকসকলৰ মাজত ব্যৱহাৰৰ বাবে নিয়ন্ত্ৰকৰ সন্মতি প্ৰাপ্ত কৰা এইটো চতুৰ্থ ভেকছিন। “গোলকীয় পৰীক্ষণত নভাভেক্সে 90% তকৈও অধিক কাৰ্যকাৰীতা প্ৰদৰ্শন কৰিছে”, এছআইআইৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই কয়।