ক’ভিড-১৯ মহামাৰীৰ ফলত হ্ৰাস পালে মানুহৰ আয়ুস

pc- The Economic Times

ক’ভিড-১৯ মহামাৰীৰ ফলত হ্ৰাস পালে মানুহৰ আয়ুস

অনলাইন বাৰ্ত্তাসেৱা- অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ তথ্য মতে, ২০১৯ চনৰ তুলনাত ২০২০ চনত অৰ্থাৎ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বছৰত মানুহৰ আয়ুসকাল ৬ মাহতকৈও অধিক হ্রাস পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু চিলিকে ধৰি ২৯খন দেশৰ ভিতৰত ২৭খনতে মানুহৰ আয়ুস হ্ৰাস পাইছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৃথিৱীৰ দেশসমূহত মানুহৰ আয়ুস হ্রাস পাইছিল। ইয়াৰ তুলনাত বিগত বৰ্ষত ক’ভিড ১৯ মহামাৰীৰ সময়ছোৱাত মানুহৰ আয়ুস অধিক হ্ৰাস পাইছে। ইণ্টাৰনেচনেল জাৰ্নেল অৱ এপিডেমিঅ’লজীত প্রকাশিত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ প্ৰতিবেদনৰ অন্যতম নেতৃত্ব বহনকাৰী ড০ ঋধি কাশ্যপে প্রকাশ কৰা মতে অধিকাংশ দেশতেই মহিলাতকৈ পুৰুষৰ আয়ুস কাল বেছিকৈ হ্রাস পাইছে। পুৰুষৰ আয়ুস কাল সৰ্বাধিক আমেৰিকা যুক্তৰাষ্ট্ৰত হ্রাস পাইছে। ২০১৯ৰ তুলনাত ক’ভিড-১৯ৰ ২০২০ বৰ্ষত আয়ুস ২.২ বছৰকৈ হ্ৰাস পাইছে।