অসম ডাউন টাউন বিশ্ববিদ্যালয়ত পৰ্যটন দিৱস উদযাপন

pc- Scoop Beats

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত পৰ্যটন দিৱস উদযাপন

অনলাইন বাৰ্ত্তাসেৱা-  পানীখাইতীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ে বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বিশ্ব পৰ্যটন দিৱস উদৰ্যাপন কৰে। বিশ্ববিদ্যালয়ৰ পর্যটন বিভাগৰ উদ্যোগত উদযাপিত হোৱা বিশ্ব পৰ্যটন দিৱসত কেক প্রস্তুত আৰু মিশ্রণ পদ্ধতিৰ এদিনীয়া প্ৰশিক্ষণ তথা এক পর্যালোচনা সভা অনুষ্ঠিত হয়। সামাজিক আৰু শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুপ্ৰেৰণামূলক ফটোগ্রাফী প্রতিযোগিতা আয়োজন কৰাৰ লগতে পর্যটন দিৱসৰ ভূমিকা সম্পর্কে জনসচেতনতা বৃদ্ধিৰ এক প্ৰচেষ্টা কৰা হয়। সমূহ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ এন চি তালুকদাৰ, ডীন অৱ ষ্টাডিজ বন্দনা দত্ত, ফেকাল্টী অৱ কমাৰ্চ এণ্ড মেনেজমেণ্টৰ ডীন ড০ সীমা শৰ্মা, অতিৰিক্ত পঞ্জীয়ক অসীম বর্মনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।