ক’ভিড-১৯ৰ পাছত প্ৰথমবাৰৰ বাবে সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীৰ বৈঠকৰ আহ্বান দলৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি. নাড্ডাৰ

pc Economic Times

ক’ভিড-১৯ৰ পাছত প্ৰথমবাৰৰ বাবে সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীৰ বৈঠকৰ আহ্বান দলৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি. নাড্ডাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – বিজেপিৰ নতুন দিল্লীত থকা মুখ্য কাৰ্যালয়ত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ কাৰ্যকৰী কমিটীৰ বিষয়ে ঘোষণা কৰাৰ পাছত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকসকলৰ এই বৈঠকৰ আহ্বান কৰা হৈছে। লালকৃষ্ণ আদৱানী আৰু এম. এম. যোশী প্ৰমুখ্যে দলৰ জ্যেষ্ঠ নেতাসকলক এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। ক’ভিড-১৯ পৰিস্থিতিৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি. নাড্ডাই সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীৰ এই বৈঠকৰ আহ্বান কৰিছে।