ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বিশেষ ব্যৱস্থা

pc- University admission

ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বিশেষ ব্যৱস্থা

ৰঙিলী বাৰ্ত্তাসেৱা-  ক’ভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।এই সুবিধাৰ অধিনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ২০২১ৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব।আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ ক’ভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব।প্ৰয়োজনীয় নথি-পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ)ত ই-মেইলযোগে আবেদনকাৰীসকলে প্ৰেৰণ কৰিব পাৰিব।