ক’ভিডত আক্ৰান্ত ৰোগী চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব সাঁজু হৈ উঠিছে বহু প্ৰত্যাশিত জীৱন-দায়িনী ঔষধ

ক’ভিডত আক্ৰান্ত ৰোগী চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব সাঁজু হৈ উঠিছে বহু প্ৰত্যাশিত জীৱন-দায়িনী ঔষধ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ বিশ্বতে অব্যাহত থকা ক’ভিড-১৯ৰ আতংকৰ মাজতেই আহিছে আন এক ভাল খবৰ।এতিয়াৰে পৰা আৰু ক’ভিড-১৯ত আক্ৰান্ত ৰোগী চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব।ব্ৰিটেইনৰ মিৰাক নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা ‘মলনু-পিৰাবিৰ’ নামৰ টেবলেট বিধে কৰ’নাৰ গ্ৰাসত পৰা বিশ্ববাসীলৈ আনিছে আশাৰ বতৰা।এইবিধ ঔষধে ৰোগীৰ দেহত থকা কৰ’না ভাইৰাছক নিঃশেষ কৰাৰ লগতে দেহৰ ভিতৰত সংক্ৰমণো সম্পূৰ্ণ ৰূপে নাশ কৰিব।ক’ভিডৰ ভেকচিন গ্ৰহণ কৰা আৰু নকৰা দুয়ো প্ৰকাৰৰ ৰোগীয়ে এই ঔষধ সেৱন কৰিব পাৰিব।১৮ বছৰৰ ওপৰৰ ক’ভিডৰ লক্ষণ থকা ব্যক্তিৰ দেহত এই ঔষধ প্ৰয়োগ কৰিব পৰা যাব।ইতিমধ্যে ব্ৰিটেইন চৰকাৰে এইবিধ ঔষধ প্ৰয়োগত অনুমোদন জনাইছে।প্ৰাৰম্ভিক পৰ্যায়ত এই ঔষধৰ পৰীক্ষণ ৭৭৫গৰাকী ব্যক্তিৰ দেহত সফলতাৰে কৰা হৈছে।ক’ভিডত আক্ৰান্ত ৰোগী সকলে দিনে দুটাকৈ ৫দিনৰ বাবে এই ঔষধ সেৱন কৰিলে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিব।নৱেম্বৰৰ শেষৰ ফালে ৯ লাখ ‘মলনু-পিৰাবিৰ’ টেবলেট বজাৰত যোগান দিয়াৰ লক্ষ্যৰে কোম্পানীটোৱে উৎপাদন আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।