কবিতাৰ পথাৰত তোমাক বিচাৰি – আছমা খাতুন

PC - Sharp Health Care
কবিতাৰ পথাৰত তোমাক বিচাৰি
আছমা খাতুন
মোৰ বুকুৰ কবিতাৰ পথাৰত
শেষ হৈ আহিছিল
“গোলাপী জামুৰ লগ্ন”!
আকৌ উঠিব নোৱাৰা কৈ
সঁচাকৈয়ে সূৰ্যটো নামি গৈছিল
জীৱন নদীৰ সিপাৰে !
আৰু মই “সন্ধিয়াৰ সুৰ” ত
বিচাৰি ফুৰোঁতে ‘সুগন্ধী পখিলা’
অজানিতে আহিছিল ‘কীট্ছ্’
মোৰ সপোন জগাই,
তেওঁ আবৃত্তি কৰিছিল
“Ode to a Nigthingale”
মই কাণপাতি শুনিছিলো,
আৰু সুধিছিলোঁঃ
আছানে জীয়াই ?
ক্ষয় যোৱা কলিজাত
হাত থৈ সি
হাঁহি হাঁহি কৈছিলঃ
মোৰ বুকুত এতিয়া
উশাহৰ বৰ নাটনি!
ফ্যেনিৰ বুকুৰ উমত
মোক শুবলৈ দিয়া!
মৃত্যুক পৰাজিত কৰি
মই প্ৰেমক জীয়াই ৰাখিম
স্বৰ্গীয় প্ৰেমৰ সমাধিত!!
ৰোমান্টিক যুগৰ আটাইতকৈ শ্ৰেষ্ঠ ইংৰাজ কবি জন কীটছ্। ১৭৯৫ চনৰ অক্টোবৰ মাহৰ ৩১ তাৰিখ লণ্ডনত জন্ম গ্ৰহণ কৰে,  তেওঁৰ বিখ্যাত এটি কবিতা হ’ল *অড টু এ নাইটিংগল।* প্ৰেমিকা ফ্যেনিক অত্যন্ত ভাল পাইছিল কীটছে। কিন্তু যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বাবে  ফ্যেনিৰ জীৱনৰ পৰা বহুদূৰলৈ আঁতৰি আহিছিল যদিও বিৰহযন্ত্ৰণা আৰু ফ্যেনিৰ স্মৃতি আছিল কীটছৰ জীৱন সংগী। বহুত কষ্টৰ শেষত মাত্ৰ পঁচিশ বছৰ বয়সত ১৮২১চনৰ ফেব্ৰুৱাৰী  মাহত ৰোমত মৃত্যুবৰণ কৰে।