কফি হাউচ
মইনুল হক
সখী ঐ,
তুমি কি বুজিবা
কবিৰ যে কি দুখ ,
আশা আছিল অনেক
সফল হোৱা নাই,
ৰং আছিল আকিবলৈ
তুলিকা বিচাৰি পোৱা নাই,
মৌনতাৰ ভাষা আছিল
ছন্দই ধৰা দিয়া নাই ,
মন আছিল হাঁহিবলৈ
সুখ বিচাৰি পোৱা নাই,
দুখ আছিল কবলৈ
বুকুৰ আপোন নাই ॥
মায়ু লো,
তুই কি বুজবু,
বাউদিয়েৰ কি দুক্ক
বুক ফাটে,মুখ ফোটে নাই।
বি:দ্ৰ: দেশী শব্দৰ অসমীয়া ৰূপ-
মায়ু -ছোৱালী
বুজুবু- বুজিবা
বাউদিয়ে- প্ৰেমত মচগুল
বুক-বুকু
দুক্ক- দুখঃ
