কনচেং  – মুন ৰাজবংশী

 (  অষ্টম খণ্ড  )
কনচেং  
কনচেঙে উপযুক্ত বয়সত ভৰি দিছে যদিও লাংথুলু  তাইতকৈ চাৰি পাচ বছৰে বয়সত  ডাঙৰেই হ’ব!  তথাপিওঁ সিহঁত দুজনৰ মাজত কিমান  ধুনীয়া সম্বন্ধ। আনকি এতিয়ালৈ সিহঁত দুজনে  ইজনে সিজনক ভালকৈ মুখৰ ফালেও চোৱা নাই! তাৰ পাছতো কিমান ওচৰ চাপি আহিছে। এই সকলোবোৰ কেৱল প্ৰেম ভালপোৱাৰ বাবে। তাৰ মনত আছে! যুদ্ধৰ সময়ত তাই কেনেকৈ বাৰে বাৰে আহি খবৰ লৈ গৈছিল তাৰ! প্ৰতিদিনে খোৱা লোৱাত যত্ন লৈছিল। ভালকৈয়ে মনত আছে তাৰ যুদ্ধৰ অন্তিম ক্ষণত দৌৰি দৌৰি আহি ফোপাই জোপাই  কাষত বহি লৈ তাৰ কোলাত মুৰ গুজি দি দীঘলকৈ এৰি দিয়া শান্তিৰ উশাহটো! এই সকলোবোৰ তাৰ প্ৰতি তাইৰ প্ৰেম ভালপোৱা নহয়নো কি…?  লাংথুলুই কথাবোৰ ভাবি ভাবি ঘৰ পালে। পদূলিৰ জপনা খুলি সি আকৌ এবাৰ কনচেঙৰ কথা মনত পেলালে! চিঃ কি নিৰ্দয় হৃদয়ৰ এজন লোক সি! সি কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে!  এবাৰলৈও নজনালে তাইক মই যাওঁ বুলি!
কনচেঙে একেথৰে চাইয়ে থাকিল;  তাৰ ফালে যেতিয়ালৈ সি সেই গধুলিৰ এন্ধাৰত  বিলীন হৈ যোৱা নাছিল! লাহে লাহে গধুলিৰ এন্ধাৰত ডুবি গ’ল, তাৰ লগে লগে তাইৰ সেমেকি উঠা চকুহালেৰে ঘৰৰ ভিতৰত সোমাব খুজিছিল হে, এনেতে কুন্তলা আহি তাইৰ কাষত থিয় হ’ল, কুন্তলাই কনচেঙক কিবা ক’ব, তাৰ আগতে কুন্তলাৰ চকুত পৰিল  কনচেঙৰ সেমেকা চকুযুৰি! কুন্তলাই ইয়াৰ আগতে বহুবাৰ কনচেঙক দুখত কন্দা ও দেখিছে, কান্দি কান্দি চকুৰ পানী মচি মচি  আকৌ হাঁহি দিয়াও দেখিছে, কিন্তু,! আজিৰ দৰে এই ৰূপ কাহানিও নাই দেখা; তাই কনচেঙৰ এই অৱস্থাত কেনেকৈ সাহস কৰে কথা কবলৈ; এবাৰ মনতে ভাবিলে! নাই! নাই! কনচেঙে গালি দিলেও আজি উপায় নাই, কথাকেইটা তাইক ক’বই  লাগিব লাগিলে তাৰ বাবে গালি খোৱাৰ বাবেও সাজু। “মনত ভয় আৰু শংকা ভাৱ লৈ এনেকৈ মাত লগাইছিল, যাতে তাইৰ ওপৰত সন্দেহ কৰিব নোৱাৰে!
ঃ অ’ কনচেঙ দেখোন; ইয়াত কি কৰি আছ তই __?
ঃ কনচেঙে আচৰিত হৈ! নাই, এনেই আছিলোঁ সৌ জোনটোলৈ চাই __?
ঃ কুন্তলাই বুজি পাইছিল কনচেঙৰ মনৰ অৱস্থাটো। সেয়ে নজনাৰ ভাওঁ দেখুৱাই তাইৰ উত্তৰতে ক’লে, অ’ সঁচাকৈয়ে বহুত ধুনীয়া জোনটো। বাকি দিনতকৈ আজি হয়তো বেছ ভাল লাগিছে।
কুন্তলাই যে কুণ্ডলী পকাই কথা ক’ব জানে সেয়া কনচেঙে ভালকৈ জানে। তাইক কিবা বুজি পাওঁক তাৰ আগমুহূর্ততে নিজকে সংযত কৰি  অসংলগ্ন কথাবোৰৰ পৰা আঁতৰি অহাৰ চেষ্টা কৰিছিল যদিও তীক্ষ্ণ বুদ্ধি মতো কুন্তলাৰ পৰা কেনেকৈ নো পাৰে তাই? বয়সত তাইতকৈ সৰু হলেও বুদ্ধিত বহুগুণে ওপৰত।
                   কনচেঙে দেখিলে যে পদূলি মুৰতে এনেকৈ দুজনী গাভৰু যৌৱনাই বহু সময় ধৰি মেল মিটিং কৰা একো ভাল কথা নহয়! সেয়ে তাই কুন্তলাক  হাতত ধৰি টানি নি  ভিতৰলৈ মাতি নিলে। কনচেঙে এনেকৈ হঠাৎ তাইৰ হাতত ধৰি টানি নিয়া দেখি এক আচৰিত হৈ তাইৰ মুখলৈ চাইছিল ;
এইবাৰ কনচেঙে কুন্তলাৰ  চকুলৈ চাই সুধিলে__?
ঃ কি হ’ল, কিয় চাইছ তেনেকৈ মোৰ মুখলৈ _?
ঃ তাই হাতখন এবাৰলৈ এৰাব চেষ্টা কৰি বিফল হোৱাত দ্বিতীয় বাৰলৈ একো নামাতি নাই এনেয়ে বুলি কথাষাৰ সমাপ্ত কৰি থলে।
কনচেঙে বুজিছে, এই কামলাং গাওঁৰ ধুনীয়া চুবুৰীটোৰ কোনো এজন লোকে সাহস গোটাব পৰা নাই, যে কুন্তলাৰ হাতত ধৰি কথা ক’ব ; কি পুৰুষ,  কি মহিলা আনকি তাইৰ লগৰবোৰেও আজিলৈ তাইৰ হাতত ধৰি কথা ক’ব পৰা সাহস হোৱা নাছিল, কিন্তু এই অলপ সময়ৰ ভিতৰতে কনচেঙে যেন তাইৰ সেই অলপতে  অভিমানী হৈ উঠা স্বভাৱটো সলনি কৰি পেলালে আজি। কুন্তলাৰ ৰূপ, গুণৰ লগতে তাই জন্মতে আৰু এটা বস্তু লগতে আনিছিল সেয়া হ’ল_” অলপতে  প্ৰতিজন লোকৰ ওপৰতে কৰা মৰমৰ অভিমান।
আগলৈ
মুন ৰাজবংশী
নলবাৰী হাঁহদলী