কটহগুৰিৰ তফাজ্জুল হুছেইনৰ বিদ্যুতপৃষ্ট হৈ বহি ৰাজ্য মণিপুৰত মৃত্যু

কটহগুৰিৰ তফাজ্জুল হুছেইনৰ বিদ্যুতপৃষ্ট হৈ বহি ৰাজ্য মণিপুৰত মৃত্যু

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰিৰ নিবাসী আব্দুল কাদিৰৰ পুত্ৰ তথা সাংবাদিক আবুল হুছেইনৰ ভাতৃ তফাজ্জুল হুছেইন যোৱা শুক্ৰবাৰে বিয়লি ৪ বজাত মণিপুৰৰ ইম্ফলত বিদ্যুতপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱতি লয়। জানিব পৰা মতে- হুছেইন দীৰ্ঘদিন ধৰি কাৰ্বিআংলং জিলাৰ অন্তৰ্গত বৰ লেংৰীত বসবাস কৰি আছিল। যোৱা কেইদিনমান পূৰ্বে কৰ্মসূত্ৰে গৈছিল মণিপুৰৰ ইম্ফলত। তাতে বিদ্যুতপৃষ্ট হৈ মৃত্যু হয় তফাজ্জুলৰ ।তাতে মৰণোত্তৰ পৰীক্ষা কৰি লৈ আহে বৰ লেংৰীলৈ আৰু আজি মৰিগাঁও জিলাৰ বালিজান আঞ্চলিক কবৰস্থানত জনাজা নামাজ পঢ়ি কবৰস্থ কৰা হয়। মৃত্যুৰ সময়ত হুছেইনৰ বয়স আছিল ৪৯ বছৰ। তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত টুকটুকী প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।